বিশ্বৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত শাসকজনৰ নামেই হৈছে এডল্ফ হিটলাৰ । ফেচীবাদী শাসন , বিৰোধীক নৃশংস দমন আৰু গণহত্যাৰে মানৱ ইতিহাসৰ খলনায়কত পৰিণত হোৱা এডল্ফ হিটলাৰ যেন আকৌ উভতি আহিছে । গণতন্ত্ৰ কিদৰে একনায়কত্ববাদৰ দিশলৈ অগ্ৰসৰ হয়, কিদৰে ফেচীবাদৰ যুগত চলে মিছাৰ অপপ্ৰচাৰ , কিদৰে মিছা অভিযোগত বিৰোধীক কাৰাগাৰলৈ নিক্ষেপ কৰা হয় , ইতিহাসতে তাৰ প্ৰতিফলন আছে ।এডল্ফ হিটলাৰৰ সেই কাহিনী আকৌ এবাৰ আওৰোৱাৰ প্ৰয়োজন হৈছে ।১৯৩৩ চনৰ ৩০ জানুৱাৰী ।এডল্ফ হিটলাৰ নিযুক্ত হয় জাৰ্মানীৰ চেঞ্চেলৰ হিচাপে ।তাৰ পাছত জাৰ্মানীত গণতন্ত্ৰৰ অৱসান ঘটাই একনায়কত্ববাদ প্ৰতিষ্ঠা কলৰিবলৈ হিটলাৰে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাছিল ।প্ৰতিটো ঘটনাকেই একনায়কত্ববাদ প্ৰতিষ্ঠাৰ সুযোগ হিচাপে ল’বলৈ বিচাৰিছিল হিটলাৰে । তেনে এটা সুযোগ আহি পৰিছিল হিটলাৰ জাৰ্মানীৰ চেঞ্চেলৰ হোৱাৰ এটা মাহ পাছতেই । দিনটো আছিল ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰীৰ নিশা । সেইদিনা মানসিকভাৱে বিকাৰগ্ৰস্থ এজন লোকে জাৰ্মানীৰ সংসদত অগ্নিসংযোগ কৰে । অগ্নিকাণ্ডৰ ফলত সংসদৰ মূল ভৱনৰ ক্ষতি হয় । তাৰ পাছত হিটলাৰে নিজৰ প্ৰপাগাণ্ডা বিয়পাবলৈ আৰু সময় নল’লে ।২০ মিনিটৰ ভিতৰত ঘোষণা কৰি দিয়া হ’ল যে এই কাম কমিউনিষ্টে সংঘটিত কৰিছে ।নিশাই গ্ৰেপ্তাৰ কৰা হ’ল অগ্নিসংযোগত জড়িত মানুহজনক ।বাৰম্বাৰ জেৰা কৰাৰ পাছতো তেও কৈ থাকিল যে অগ্নিসংযোগৰ ঘটনাত তেও অকলেই জড়িত আছে ।কিন্তু হিটলাৰৰ বাবে সেই স্বীকাৰোক্তিৰ কোনো গুৰুত্ব নাছিল। তেও এই ঘটনাক নাজী বাহিনীৰ মূল প্ৰতিদ্বন্দী কমিউনিষ্ট দমনৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে । মাত্ৰ কেইটামান দিনৰ ভিতৰত অগ্নিসংযোগৰ ঘটনাত কমিউনিষ্টক জগৰীয়া কৰি ৪ হাজাৰ কমিউনিষ্ট নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল ।মাৰ্চ মাহৰ শেষলৈ ২০ হাজাৰ আৰু সেই বছৰৰ গ্ৰীষ্মকাল সমাপ্ত হোৱালৈ ১ লাখ কমিউনিষ্ট আৰু সমাজবাদী আদৰ্শৰ লোকক নাজী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিলে । অৰ্থাৎ সংসদত অগ্নিসংযোগৰ ঘটনা নহয় , বিৰোধীক মষিমূৰ কৰাটো হৈ পৰিল নাজী বাহিনীৰ মূল লক্ষ্য ।কিন্তু এইদৰে জধে মধে গ্ৰেপ্তাৰ কৰাৰ বাটত বাধা হৈ পৰিছিল জাৰ্মান সংবিধান । সেইবাবেই অগ্নিকাণ্ডৰ পাছদিনা অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীৰ দিনা হিটলাৰৰ নিৰ্দেশমৰ্মে জাৰ্মান প্ৰেচিডেণ্ট হিণ্ডেনবাৰ্গে দুখন আদেশ পত্ৰ জাৰি কৰে । এই দুখন আদেশ পত্ৰৰ শিৰোণাম আছিল – ‘জাতি আৰু ৰাষ্ট্ৰক ৰক্ষা কৰিবৰ বাবে’ আৰু ‘জাৰ্মান জাতি আৰু দেশদ্ৰোহৰ বাবে যুঁজিবলৈ’।এই আদেশ পত্ৰৰ জড়িয়তে পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱালৈ ব্যক্তিগত স্বাধীনতাক সুৰক্ষা প্ৰদান কৰা সংবিধানৰ প্ৰতিটো দফা স্থগিত ৰখা হ’ল । বাতিল কৰা হ’ল বাক স্বাধীনতাৰ অধিকাৰ , সংবাদ মাধয়মৰ স্বতন্ত্ৰতাৰ অধিকাৰ আৰু নাগৰিকৰ সমাবেত হোৱাৰ অধিকাৰ । এনেকৈয়ে অগ্নিকাণ্ডৰ ঘটনাক একনায়কত্ববাদ প্ৰতিষ্ঠাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিল হিটলাৰ । সমগ্ৰ দেশজুৰি তালাচী চলাই এজন এজনকৈ কমিউনিষ্ট আৰু সমাজবাদী নেতাক গ্ৰেপ্তাৰ কৰা হ’ল । নাজী বাহিনীয়ে বয়াপক প্ৰচাৰ চলালে যে দেশৰ সুৰক্ষাৰ বাবে কমিউনিষ্টক দমন কৰাটো জৰুৰী হৈ পৰিছে ।১৯৩১ চনৰ ৫ মাৰ্চত জাৰ্মান সংসদৰ নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত হ’ল নিৰ্বাচন । এই নিৰ্বাচনত হিটলাৰৰ নাজী বাহিনীয়ে ৪৩ শতাংশ ভোটসহ ২৮৮ খন আসন লাভ কৰে । কমিউনিষ্টে ১২ শতাংশ ভোটসহ ৮৮ খন আসন লাভ কৰিলে যদিও তেওঁলোকে সেই আসনবোৰত বিজয় দাবী কৰিব নোৱাৰিলে । কিয়নো ৰাজহুৱা স্থানত হাজিৰ হ’লেই কমিউনিষ্টসকলক গ্ৰেপ্তাৰ কৰা হৈছিল । আন বিৰোধী দলসমূহেও সেই নিৰ্বাচনত যথেষ্ট আসন লাভ কৰিছিল । ছ’চিয়েল ডেম’ক্ৰেটসকলে ১১৯ খন আসন আৰু কেথলিক চেণ্টাৰ পাৰ্টীয়ে ৭৩ খন আসনত জয়লাভ কৰে । কমিউনিষ্ট , ডেম’ক্ৰেট আৰু কেথলিক পাৰ্টীয়ে নাজীৰ সমানেই আসন লাভ কৰিছিল যদিও তেওঁলোক কেতিয়াও একজোট হ’ব পৰা নাছিল । নিজৰ মাজত থকা অবিশ্বাসৰ সমানেই আছিল হিটলাৰ আৰু নাজীৰ প্ৰতি থকা ভয় ।সংসদ নিজৰ দখললৈ অহাৰ পাছতেই ১৯৩৩ চনৰ ২১ মাৰ্চত সংসদত নাজী বাহিনীয়ে প্ৰণয়ন কৰে এখন নতুন আইন ।এই আইনখনৰ নাম আছিল মেলিচিয়াছ প্ৰেক্টিচেছ আইন । আইন অনুসৰি , নতুন চৰকাৰৰ বিৰুদ্ধে মাত মতা বা নেতাক সমালোচনা কৰাটো অপৰাধ বলি গণ্য কৰা হ’ল । আনকি সৰু মতানৈক্য প্ৰকাশ কৰাটোকো অপৰাধ আখ্যা দিয়া হ’ল । যিসকলক লোকক চৰকাৰক ‘ঠাট্টা’ বা চৰকাৰৰ বিষয়ে ‘গছিপ’ কৰাৰ অভিযোগত অভিযুক্ত কৰা হ’ল , তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল ।১৯৩৩ চনৰ ২৪ মাৰ্চত জাৰ্মানৰ চেঞ্চেলৰ অৰ্থাৎ হিটলাৰক বিশেষ ক্ষমতা দি আন এখন আইন গৃহীত কৰা হ’ল । এই আইন অনুসৰি , চৰকাৰক সংবিধান উলংঘা কৰিও আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হ’ল । লগতে হিটলাৰক যিকোনো ব্যক্তিক ‘দেশৰ শত্ৰু’ হিচাপে ঘোষণা কৰাৰো ক্ষমতা প্ৰদান কৰা হ’ল । এই আইনৰ বিৰুদ্ধে মাত্ৰ ৯৪ গৰাকী ডেম’ক্ৰেটেহে ভোটদান কৰিছিল । আন বিৰোধীসকল হয় আত্মগোপন কৰি আছিল , নহয়তো কাৰাগাৰত আছিল ।
সেইদিনাই নাজী নেতা তথা মিনিখ চহৰৰ আৰক্ষী আয়ুক্ত হিমলাৰে এখন সংবাদমেল সম্বোধন কৰি জাৰ্মানীৰ ডাচাউত প্ৰথমটো কনচেনট্ৰেশ্যন কেম্প মুকলি কৰাৰ কথা ঘোষণা কৰে । এই কেম্পত মুঠ ৫ হাজাৰ বন্দী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছিল । মূলত: কমিউনিষ্ট আৰু ‘দেশৰ শত্ৰু’ বলি ঘোষণা কৰা লোকসকলক ৰাখিবলৈকে এই এই কেম্প স্থাপন কৰা হৈছিল । ১৯৩৩ চনৰ গ্ৰীষ্মৰ আৰম্ভণিতে জাৰ্মান লোকসলক ভয় খুৱাবলৈ নতুন নতুন আইন প্ৰনয়ণ কৰা হ’ল । মে’ মাহত ট্ৰেড ইউনিয়নসমূহ ভংগ কৰি দিয়া হ’ল। শ্ৰমিকসকল কেৱল নাজী অনুমোদিত ‘জাৰ্মান লেবাৰ ফ্ৰণ্ট’ৰ সদস্য হোৱাৰ ব্যৱস্থা কৰা হ’ল ।
ইয়াৰ পাছত জুন মাহত নিষিদ্ধ কৰা হ’ল ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টীক । আনকি হিটলাৰৰ চৰকাৰৰ অংশীদাৰ জাৰ্মান নেচনেলিষ্ট পাৰ্টীৰ সাংসদসকলকো পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হ’ল । অন্যথা তেওঁলোকো পৰৱৰ্তী লক্ষ্য হ’ব বুলি ভাবুকি প্ৰদান কৰা হ’ল । জুলাই মাহ পৰ্যন্ত নাজী হৈ পৰিল জাৰ্মানীৰ একমাত্ৰ ৰাজনৈতিক দল । ইফালে , কনচেনট্ৰেশ্যন চেণ্টাৰ ভৰি পৰিল ২৭ হাজাৰ বন্দীৰে ।
বহুতেই মানি ল’ব পৰা নাছিল হিটলাৰৰ এই একনায়কত্ববাদ । নাজীৰ শাসনত নিজৰ অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবি নাগৰিকসকল শিহৰিত হৈ পৰিল । প্ৰায় ৬৩ হাজাৰ ইহুদীকে ধৰি হাজাৰ হাজাৰ নাগৰিলে দেশ এৰি পলায়ন কৰে । বহুতেই চবুৰীয়া দেশসমূহত আশ্ৰয় লয় । কিন্তু সকলোৰে বাবে সেই সুবিধা নাছিল । প্ৰায় ৬ কৌটি লোক ‘নতুন জাৰ্মানী’ৰ বাসিন্দা হ’বলৈ বাধ্য হৈ পৰে ।
এইদৰেই জাৰ্মানীত স্থাপন হ’ল হিটলাৰৰ একনায়কত্ববাদ । আৰম্ভ হ’ল ফেচীবাদৰ নতুন অধ্যায় । তাৰেই প্ৰতিফলন যদি এতিয়াও আপুনি দেখিবলৈ পাইছে , আমাৰ কমেণ্ট বক্সত নিশ্চয় আপোনাৰ মতামত জনাব । হিটলাৰ ফাইলছৰ পৰৱৰ্তী খণ্ডত লৈ আহিম ফেচীবাদ কেনেকৈ আহে , তাৰ এক নতুন অধ্যায় ।