ভাৰতৰ মাটিত চীনে নিৰ্মান কৰিলে দ্বিতীয়খন গাও ৷এন ডি টি ভিয়ে প্ৰকাশ এক ছেটেলাইট ইমেজত চীনে গাও নিৰ্মান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ লক্ষণীয় কথাটো হ’ল – এই গাওখনো নিৰ্মান হৈছে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত ৷ ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাত চীনে ১০০ টা ঘৰ নিৰ্মানৰ তথ্য পোহৰলৈ আহিছিল ৷ আমেৰিকাৰ চোৰাংছোৱা সংস্থাইও এই তথ্য নিশ্চিত কৰিছে ৷ বৃহস্পতিবাৰে এন ডি টি ভিয়ে আন এখন চেটেলাইট ইমেজৰ জড়িয়তে নতুন গাও নিৰ্মানৰ তথ্য প্ৰকাশ কৰিছে ৷এই স্থানত ২০১৯ চনত কোনো নিৰ্মান নাছিল ৷
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ তাৰ মাজতে ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে সদৰী কৰিছিল যে ভাৰতৰ মাটিত চীনে গাও নিৰ্মান কৰাৰ বাতৰি ভুৱা ৷ বিপিন ৰাৱটৰ এই মন্তব্যৰ বিপৰীতে অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি তাপিৰ গাৱে শেহতীয়াকৈ অৰুণাচলত চীনে গাও নিৰ্মান কৰা বুলি মন্তব্য কৰিছে ৷