ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

নিজৰ টুইটত মুখ্য সচিব জনে কয় যে যদিও সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে, সকলোকে ক’ভিড প্ৰট’কল মানি চলি সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পিন্ধিবলৈ আহ্বান কৰা হৈছে।

assam governmentcoronaviruslockdownweekend lockdown
Comments (0)
Add Comment