হিন্দী কৈ প্ৰাণ গ’ল ১২জনৰ

ভাৰততে নিষিদ্ধ হিন্দী ভাষা । হিন্দী কোৱাৰ বাবে তালিবানী শাস্তি বিহিলে বিহাৰৰ লোকক।নিজ দেশতে নিজ দেশৰ মানুহৰ হাতত প্ৰাণ গ’ল ভাৰতীয়ৰ ।ভাৰত আৰু ভাৰতীয়ক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল এইখন দেশতে।
হিন্দী ভাষা কোৱাৰ বাবে তামিলনাডুবাসীয়ে হত্যা কৰিলে বিহাৰৰ শ্ৰমিকক।হিন্দী ভাষা কোৱা লোকক দিয়া হৈছে তালিবানী শাস্তি।এইখন ভাৰততে হিন্দী ভাষা কোৱাটোৱেই অপৰাধ হিচাপে গণ্য কৰা হ’ল। নিজ দেশতেই হিন্দী ভাষা কৈ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। হিন্দী ভাষা কোৱা বাবেই বিহাৰৰ শ্ৰমিকক তামিলনাডুত দিয়া হৈছে কঠোৰ শাস্তি। তামিলনাডুত তামিলনাডুবাসীয়ে হিন্দী ভাষা নিষিদ্ধ কৰি হিন্দী কোৱা বৰ্হি ৰাজ্যৰ ভাৰতীয় তথা শ্ৰমিকক কৰিলে হত্যা।অতি নিৰ্মমভাৱে দিন দুপৰতে পাশৱিক অত্যাচাৰ কৰি ভাৰতীয়ৰ দ্বাৰা ভাৰতীয়ক হত্যা কৰা হ’ল। অভিযোগ উত্থাপন হৈছে যে হিন্দী কোৱাৰ বাবে ১২ জনক এটা কোঠাত ফাঁচী পৰ্যন্ত দিয়া হৈছে ।ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Comments (0)
Add Comment