হাৰিয়ানা-ৰাজস্থানৰ ভোটাৰক নিয়ন্ত্ৰণ কৰিব ৰাম ৰহিমে

ডেৰা চ’চ্চা চ’ডাই ইয়াৰ ৰাজনৈতিক উং অথবা শাখা বন্ধ কৰিছে ।হাৰিয়ানা,পঞ্জাব আৰু ৰাজস্থানত যথেষ্ট জনসমৰ্থন তথা অনুগামী থকা ডেৰা চ’চ্চা চ’ডাই আগন্তুক হাৰিয়ানা আৰু ৰাজস্থান নিৰ্বাচনত কোনটো দলক সমৰ্থন কৰিব ,সেয়া ৰাজহুৱা কৰা নাই৷খুব কম দিনৰ ভিতৰতে এই বিষয়টো সম্পৰ্কত অনুৰাগীৰ লগত আলোচনা কৰিব বুলি জনাই মূৰববীজনে।ডেৰাই ইতিমধ্যে ৰাজনৈতিক শাখা বন্ধ কৰাৰ কথা নিশ্চিত কৰিছে।ডেৰা কমিটিৰ হাৰচৰণ সিঙে কয়
‘ডেৰাই ৰাজনৈতিক শাখা বন্ধ কৰিছে আৰু ই সামাজিক কামত জড়িত হ’ব।’উল্লেখ্য যে ডেৰা চ’চ্চা চ’ডা সামাজিক তথা আধ্যাত্মিক কাম কাজৰ লগত জড়িত এটা সংগঠন।সংগঠনটোৱে মানৱ জাতিৰ কাৰণে নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায়।অৱশ্যে সংস্থাটোৱে মূল লক্ষ্যৰ পৰা ফালৰি কাটি বিগত দিনবোৰত ৰাজনৈতিক কাম কাজৰ লগত জড়িত হৈ পৰে।আনকি অবৈধ কাম কাজত লিপ্ত থকাৰ অভিযোগত সংস্থাটোৰ মূল ব্যক্তি ৰাম ৰহিম যাৱদজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল।সংস্থাটোৱে যিমানেই ইয়াৰ উদ্দেশ্য সমাজ সেৱা বুলি ঘোষণা নকৰক ,ইয়াৰ অন্তৰালত নিহিত উদ্দেশ্য সকলোৰে অৱগত।সংস্থাটোৰ পঞ্জাৱতেই প্ৰায় ৪০ লাখ অনুগত আছে।সংস্থাটোৱে ইয়াৰ অনুগতক বিনামূলীয়া খাদ্য আৰু ঔষধৰ যোগান ধৰে যাৰ বাবে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ জনতা সহজেই আকৃষ্ট হয়৷সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল দেশৰ সকলো ৰাজনৈতিক দলেই সমাজৰ দৰিদ্ৰ তথা অনগ্ৰসৰ শ্ৰেণীক ভোটবেংকৰ লক্ষ্য কৰি লয় ।সেয়ে ডেৰা চ’চাৰ প্ৰধান ৰাম ৰহিমৰ লগত প্ৰতিটো ৰাজনৈতিক দলেই এক সুসম্পৰ্ক ৰক্ষা কৰে।

Comments (0)
Add Comment