শাহুৱেকক সহায় কৰি বিপদত বোৱাৰী

এইবাৰ শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হ’ল বোৱাৰী ।যি সময়ত বন্দনা কলিতাৰ দৰে বোৱাৰীয়ে নিজ শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেই সময়তে এইখন অসমৰে আন এগৰাকী বোৱাৰীয়ে শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হব লগা হ’ল আৰক্ষীৰ হাতত ।এই ঘটনা ধেমাজিৰ জীয়াধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ ।শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাত পূৱ জীয়াধল হাইস্কুলৰ পৰীক্ষাৰ্থী আছিল শদিয়াৰ অমৰপুৰৰ বাসিন্দা জবাৰানী চন্দী । কিন্তু জীয়াধল উচ্চমাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত শাহুৱেকৰ হৈ পৰীক্ষা দিবলৈ গ’ল জবাৰনী চন্দীৰ বোৱাৰী আইতেশ্বৰী পেগু । নিৰীক্ষকে এডমিট কাৰ্ড পৰীক্ষা কৰাৰ সময়ত এডমিট কাৰ্ডত থকা ফটো আৰু পৰীক্ষা দিয়া প্ৰাৰ্থী গৰাকীৰ চেহেৰাৰ অমিল পায় বিষয়টো অৱগত কৰে কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াক । কিছু সোধাপোচাৰ অন্তত আইতেশ্বৰী পেগুৱে অৱশেষত স্বীকাৰ কৰে শাহুৱেকৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা । কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ধেমাজি সদৰ থানাত এই বিষয়ে এখন এজাহাৰ দাখিল কৰাত ধেমাজি আৰক্ষীয়ে আটক কৰে দুই শাহু-বোৱাৰী ক্ৰমে জবাৰানী চন্দী আৰু আইতেশ্বৰী পেগুক ।

Comments (0)
Add Comment