লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই।

ঘটনাটো সংঘটিত হোৱা স্থানক নাচ’ (Nacho) বুলি জনা যায়। গ্রুপটোত থকা দুজন ঘটনাৰ সময়ত পলায়ন কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে স্থানীয় পুলিচক বিষয়টো অৱগত কৰে।

অপহৰণ হোৱা লোক কেইজনক টছ ছিংকাম, প্ৰাছাত ৰিংলিং, দংটো এবিয়া, তনু বাকেৰ, নংগাৰো দিৰি বুলি জানিব পৰা গৈছে।আটাইকেজনেই তাগিন সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অৰুণাচলত এনেদৰে চীনা সৈন্যৰ অপহৰণৰ ঘটনা প্ৰায়ে সংঘটিত হবলৈ ধৰিছে। ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত আন এজন লোককো এনেদৰে চীনা সৈন্যই অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল।

arunachal pradeshchinaindia-china faceoffindian armynortheastPLAthe croisscurrent
Comments (0)
Add Comment