মানুহে মানুহৰ বাবে ভাবিছে শিৱসাগৰত

সামাজিক মাধ্যমত এটা আহ্বান। ইয়াৰ পিছতে সহায়ৰ হাত বহুজনৰ।হয়,শিৱসাগৰত অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিত মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান।ৰাজ্যৰ জনপ্ৰিয় বাঁহী বাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে এই অনুষ্ঠান।শিৱসাগৰৰ কেইগৰাকীমান সমাজ কৰ্মীৰ এই মহৎ প্ৰচেষ্ঠা।সমাজ কৰ্মী ৰাজলক্ষ্মী ভূঞাই সামাজিক মাধ্যমত প্ৰথমে আহ্বান জনোৱাৰ পিছতে ওলাই আহে বহু ব্যক্তি।আৰু এইদৰে শিৱৰাত্ৰিত পূজা কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ পৰা সংগ্ৰহ কৰা হয় দান বৰঙণি।উল্লেখ্য যে অসমৰ জনপ্ৰিয বাঁহী বাদক দীপক শৰ্মা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিব পৰা নাই শিল্পী গৰাকীয়ে। যাৰ বাবে তেওঁ চৰকাৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সহায়ৰ বাবে অনুৰোধ কৰিছিল। বাঁহী বাদক দীপক শৰ্মাক কিছু সকাহ দিবলৈ শিৱসাগৰৰ কেইগৰাকীমান সমাজকৰ্মীৰ এই প্ৰচেষ্টা।মানুহে মানুহৰ বাবে শীৰ্ষক এই অনুষ্ঠানক আদৰি লৈছে শিৱসাগৰৰ শিৱৰাত্ৰিলৈ অহা ভক্তপ্ৰাণ ৰাইজে।

Comments (0)
Add Comment