মহিলাৰ টি ২০ শিৱসাগৰত

শিৱসাগৰত মহিলা টি২০ ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।গ্ৰীফন ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় দৰবাৰ খেলপথাৰত আজিৰে পৰা ১২ মাৰ্চলৈ ‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’আমন্ত্ৰণমূলক প্ৰাইজমণি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে।প্ৰথমবাৰৰ বাবে শিৱসাগৰত আয়োজিত প্ৰতিযোগিতাখনিত ঘৰুৱা দল শিৱসাগৰকে ধৰি ৰাজ্যৰ মুঠ ৮ টা আগশাৰীৰ মহিলা ক্ৰিকেট দলে অংশ গ্ৰহণ কৰিছে।মহিলা ক্ৰিকেট খেলুৱৈসকলক এখন প্ৰকৃত মঞ্চ দিয়া জিলা পৰ্যায়তে আৱদ্ধ নাৰাখি ৰাজ্যিক পৰ্যায়লৈ আগবঢ়াই লৈ যোৱাটো হৈছে প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ মূল লক্ষ্য।প্ৰতিযোগিতাৰ উদ্বোধনী খেল নগাওঁ আৰু লক্ষীমপুৰ জিলাৰ খেলুৱৈৰ মাজত অনুষ্ঠিত হয়।

Comments (0)
Add Comment