ভাৰত ৰত্ন দিয়ক চাভাৰকাৰক

নিৰ্বাচন আয়োগৰ নাম আৰু প্ৰতীক চিহ্ন লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ বৈঠকত বহিল একনাথ সিন্দেপন্থী।’শিৱসেনা’ৰ পূৰ্ণ কৰ্তৃত্ব লাভ কৰাৰ পিছত দলটোৱে হিন্দুত্বৰ ধ্বজাবাহী বিনায়ক দামোদৰ চাভাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে।দলৰ এই বৈঠকতে চাৰ্চগেট ৰে’ল ষ্টেচনটো প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিন্তামনৰাও দেশমুখৰ নামেৰে নামাকৰণ কৰাৰো সিন্ধান্ত লোৱা হয়।তদুপৰি দলটোৱে ৰাজ্যখনৰ ৮০% ভূমিপুত্ৰক নিয়োগৰ সুবিধা,মাৰাঠী ভাষাক অভিজাত ভাষা হিচাপে স্বীকৃতি দিয়া ,UPSC আৰু MPSC পৰীক্ষাত অৱতীৰ্ণ মাৰাঠী ছাত্ৰছাত্ৰীক বিশেষ সহযোগিতা আগবঢ়োৱা আদিৰ সিন্ধান্ত লয়।গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উদ্ধৱ থাকৰে পন্থীয়েও চাভাৰকাৰক ভাৰত ৰত্ন দিয়াৰ দাবী তুলিছিল।উল্লেখ্য নিৰ্বাচন আয়োগে বিগত সপ্তাহত শিৱসেনা আৰু শিৱসেনাৰ প্ৰতীক চিহ্ন ধনু কাঁড়ৰ কৰ্তৃত্ব উদ্ধৱ থাকৰে পন্থীৰ পৰা কাঢ়ি আনি একনাথ সিন্দে পন্থীৰ হাতত অৰ্পণ কৰে।একনাথ সিন্দে পন্থীৰ হাতত অধিক সংখ্যক বিধায়কৰ সমৰ্থন থকা বাবে নিৰ্বাচন আয়োগে সিন্দে পন্থীক দলৰ নাম আৰু প্ৰতীক চিহ্ন প্ৰদান কৰা বুলি আত্মপক্ষ সমৰ্থন কৰে নিৰ্বাচন আয়োগে।আনহাতে,উদ্ধৱ থাকৰে পন্থীয়ে নিৰ্বাচন আয়োগৰ এই সিন্ধান্তৰ পিছত আয়োগক মোডীৰ ভৃত্য আখ্যা দিছে৷ইতিমধ্যে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে থাকৰে পন্থী।

Comments (0)
Add Comment