ভাৰতে নিজৰ অৰ্থনীতি নিজেই ধ্বংস কৰিব নেকি?

‘ভাৰতে নিজৰ অৰ্থব্যৱস্থা নিজেই শেষ কৰিব, যদিহে এইদৰে লক্ডাউনৰ মাত্ৰা অধিক বৃদ্ধি কৰি যায় ৷’- এইদৰে নিজৰ মত প্ৰকাশ কৰিছে ছুইডেনৰ এগৰাকী অধ্যাপকে । ছুইডেনৰ কাৰোলিন্স্কা ইনষ্টিটিউটৰ প্ৰফেছৰ জ’হান গিছেকিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে মত বিনিময় অনুষ্ঠানত এই শংকা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতে অধিক ভালৰ বাবে বৃদ্ধি কৰা লক্ডাউনৰ মাত্ৰাই অৰ্থনৈতিক দিশত অধিক পৰিমাণে ক্ষতি কৰিব। এটাৰ পিছত এটাকৈহে শিথিলতা অনাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে। পূৰ্ণ লক্ডাউনৰ পৰা মুক্ত হ’বলৈ কেইবামাহো লাগিব পাৰে বুলিও অধ্যাপকগৰাকীয়ে আশংকা প্ৰকাশ কৰে । দেশসমূহে লক্ডাউনৰ পৰৱৰ্ৰতী ৰণনীতি সন্দৰ্ভত আলোচনা নকৰা বাবে জ’হান গিছেকিয়ে সমালোচনাও কৰে ৷
ছুইডেনৰ অধ্যাপকগৰাকীয়ে ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগক মাইল্ড (Mild) ৰোগ হিচাপে উল্লেখ কৰে । যাৰ বাবে ৯৯ শতাংশ সংক্ৰমিত ৰোগীৰ দেহত অতি কম বা কোনো লক্ষণেই ধৰা নিদিয়ে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Cross current NewscrosscurrentIndia Economythe crosscurrent
Comments (0)
Add Comment