ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে জি-৭ৰ পৰা জি-১১ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, কানাডা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, জাপান আৰু ইটালিৰে জি-৭ গোষ্ঠী গঠিত। কূটনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই কেইখন দেশৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। সেয়েহে যদিহে ভাৰত এই গোষ্ঠীত ভৰ্তি হয়, তেন্তে চীনৰ বিৰুদ্ধে অধিক শক্তিশালী হ’ব ভাৰত। আৰু এতিয়া এই কথাই মূৰৰ কামোৰণি হৈ পৰিছে বেইজিঙৰ বাবে। ট্ৰাম্পৰ মন্তব্য গম পোৱাৰ পিছতেই চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাউ লিজিয়ানে কয় যে চীনে গম পাইছে যে কোনো আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীয়ে বিশ্বৰ শান্তি আৰু সমৃদ্ধিৰ কামনা কৰি কাম কৰি আছে।আৰু যদিহে কোনোৱে ক্ষুদ্ৰ চক্ৰ এটা নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰি আহিছে, যিটোত তেওঁলোক সফল নহ’ব।

ইতিমধ্যে আমেৰিকাই এই অনুগ্ৰহ কৰি মন্তব্য কৰিছে- আমি পৰম্পৰাগতভাৱে এই দেশসমূহৰ সৈতে আমি বন্ধু । সেয়ে সকলোকে একগোট কৰাৰ প্ৰচেষ্টা কৰা হৈছে যাতে ভবিষ্যতে চীনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’ব পাৰে। এই কথাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ বিষয় হৈ পৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

chinaCross current Newscrosscurrentdonald trumpG-7indiathe crosscurrent
Comments (0)
Add Comment