বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী

[quote title=”…আৰু আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত যদি মেন অৱ দ্য মেচ খিতাপৰ কোনোবা দাবীদাৰ আছে -তেওঁ একমাত্ৰ অমিত শ্বাহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোঁহাত আৰু সেনাপতি ৷” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=”” block_description=”” text_align=”center” author=”” link=”” desc=”” image=””][/quote]

♦অচিন্ত্য ভৰদ্বাজৰ কলমত

এবাৰ এটা সাক্ষাৎকাৰত অমিত শ্বাহক সোধা হৈছিল – বিজেপিয়ে ২০১৯ ৰ নিৰ্বাচনৰ প্ৰস্তুতি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ? এখন্তেকো পলম নকৰাকৈ তেওঁ উত্তৰ দিছিল -আমি ২০১৪ ৰ মে’ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিলো ৷ বিৰোধীয়ে নিৰ্বাচনৰ ৰণনীতি ঠিক কৰাৰ পূৰ্বেই বিজেপিৰ বিজয় নিশ্চিত বুলি আশ্বস্ত হৈছিল অমিত শ্বাহ ৷ এই কথা প্ৰত্যয়ৰে অৱগত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ ফলাফল ওলাল ৷ পুৰষ্কৃত হ’ল অমিত শ্বাহ ৷বহু জেষ্ঠ্য ৰাজনীতিকক অতিক্ৰমি দেশৰ গৃহমন্ত্ৰী পদত অধিষ্ঠিত হ’ল তেওঁ৷ আৰু আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত যদি মেন অৱ দ্য মেচ খিতাপৰ কোনোবা দাবীদাৰ আছে -তেওঁ একমাত্ৰ অমিত শ্বাহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোঁহাত আৰু সেনাপতি ৷ অমিত শ্বাহক গৃহমন্ত্ৰীৰ দায়িত্ব দিয়াৰ পাছৰ পৰাই স্পষ্ট হৈ পৰিছিল যে দলটোৰ আদৰ্শগত ঘোষণাবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এইবাৰ অকনো পলম নহ’ব ৷ লাহে লাহে সকলোবোৰ কথা এফালৰ পৰা পৰিষ্কাৰ হৈ গৈ থাকিল ৷ প্ৰথমতে তেওঁ প্ৰত্যাহাৰ কৰিলে জন্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ ৷ কেৱল সেয়াই নহয় , দ্বিখণ্ডিত কৰি পেলালে জন্মু কাশ্মীৰক ৷ কোনো বিতৰ্কৰ অৱকাশ নাৰাখি তেওঁ আধাতে স্তব্ধ কৰা হ’ল অমৰনাথ যাত্ৰা ৷ জন্মু কাশ্মীৰত সেনাৰ সমাগম বঢ়াই দিয়া হ’ল ৷ কিন্তু কোনেও ঘূণাক্ষৰেও গম নাপালে যে অমিত শ্বাহে এনে এটা বৃহৎ সিদ্ধান্ত লোৱা দিশে অগ্ৰসৰ হৈছে ৷ অৱশেষত কাকো আপত্তি প্ৰদৰ্শনৰ বিশেষ সুযোগ নিদি তেওঁ জন্মু কাশ্মীৰৰ পঞ্চায়ত আইনো সলনি কৰি পেলালে ৷ তাৰ পাছতে আহিল নাগৰিকত্ব আইনৰ সংশোধন ৷ এই সংশোধনী আইনৰ বিৰুদ্ধে কেৱল অসমতে আন্দোলন হোৱা নাছিল ৷দৃষ্টিভংগী পৃথক হ’লেও সমগ্ৰ দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হ’ল ৷ কিন্তু নিজৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছুৱাই নহাৰ সিদ্ধান্তত অবিচল হৈ ৰ’ল অমিত শ্বাহ ৷ ইয়াৰ জৰিয়তে তেওঁ বাংলাদেশ ,পাকিস্থান আৰু আফগানিস্থানৰ ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতত নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰি পেলালে ৷ কিন্তু সমগ্ৰ দেশৰ বাবে এন আৰ চি প্ৰস্তুত কৰা হ’ব বুলি সংসদত কৰা এক ঘোষণাই সমগ্ৰ দেশক একপ্ৰকাৰ অগ্নিকুণ্ডত পৰিণত কৰিলে ৷ সংখ্যালঘু সমাজৰ মাজত আতংকৰ বাতাবৰণ বিয়পি পৰিল ৷ অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলীলা ময়দানৰ পৰা স্পষ্ট কৰিবলগা হ’ল যে এন আৰ চি সন্দৰ্ভত কেবিনেটত এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই৷ এন আৰ চি , কাৰ বিতৰ্কৰ যৱনিকা নপৰোতেই আকৌ আহিল ক’ভিড-১৯ ৷ ক’ৰোনা বিৰোধী যুজঁতো স্বাস্থ্য বিভাগতকৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিত বেছি গুৰুত্ব পালে অমিত শ্বাহৰ গৃহ বিভাগে ৷ কাৰণ ,লকডাউন আছিল এক সম্পূৰ্ণ প্ৰশাসনিক বিষয় ৷প্ৰথম অৱস্থাত বিশ্বৰ আন বহু দেশে কৰাৰ দৰেই প্ৰধানমন্ত্ৰী মোদীয়েও লকডাউনকে ক’ৰোনাৰ বিৰুদ্ধে যুজাৰ একমাত্ৰ পথ হিচাপে ল’লে ৷ তেওঁ ২৪ মাৰ্চত ২১ দিনীয়া লকডাউন ঘোষণা কৰি ইয়াক মহাভাৰতৰ যুদ্ধৰ লগতো তুলনা কৰিলে ৷ তাৰ পিছত সময়ে সময়ে দেশত কি খুলিব ,কি বন্ধ থাকিব তাৰ নিৰ্দেশনাও আহি থাকিল অমিত শ্বাহৰ গৃহ বিভাগৰ পৰাই ৷ কিন্তু এইবাৰ অমিত শ্বাহৰ সন্মুখত আহি পৰিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ৷ লাখ লাখ ক্ষুধাতুৰ শ্ৰমিকৰ ৰাজপথত হোৱা সীমাহীন বিলাই বিপত্তি আন্ত:ৰাষ্ট্ৰীয় বিষয় হৈ পৰিল ৷ অগণিত ৰাইজৰ দুৰ্দশাক সময়মতে বুজি উঠাত এইবাৰ ব্যৰ্থ হ’ল অমিত শ্বাহ ৷ লকডাউনৰ চম্বিত সিদ্ধান্ত আৰু তাৰ পিছৰ পৰিস্থিতি ক’ৰোনাতকৈ কোনোগুণে কম প্ৰত্যাহ্বানমূলক নাছিল ৷ ইয়াৰ লগত মোকাবিলা কৰাৰ কোনো প্ৰস্তুতি নাছিল কেন্দ্ৰৰ৷ কিন্তু তাৰ পাছতো নম্বৰ কটা নগ’ল অমিত শ্বাহৰ ৷ এতিয়াও প্ৰধানমন্ত্ৰীৰ একেবাৰে সোকাষত তেওঁৰ স্থান ৷ আজিও মোদীৰ দৰবাৰত অমিত শ্বাহে সেনাপতিৰ মৰ্যদাই লাভ কৰি আছে ৷ আনকি নাগৰিকত্ব সংশোধনী আইন যিদিনা সংসদত গৃহীত হৈছিল সিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই সদনৰ পৰা আতৰি আছিল ৷ মোদীয়েও বিচাৰিছিল যে এই কৃতিত্বৰ অংশীদাৰ অমিত শ্বাহ অকলেই হওক ৷ হয়তো এনেদৰেই নৰেন্দ্ৰ মোদীয়ে তেওঁৰ উত্তৰসূৰী এজন গঢ় দি গৈছে ৷

(প্ৰকাশিত লেখকৰ মন্তব্য নিজা) 

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

amit shahBJPCros Current Newscrosscurrentnarendra modithe crosscurrent
Comments (0)
Add Comment