বানৰ বাতৰি: পুনৰ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Disaster Management Authority ৰ ৩১ মে’ৰ তথ্য অনুসৰি আজিৰ দিনটোত বানত নিহত হৈছে এজন ব্যক্তি।মৃত ব্যক্তিজনৰ ঘৰ গোৱালপাৰা জিলাত।আজিৰ দিনটোত ৰাজ্যৰ মুঠ তিনিখন জিলাৰ সাতটা ৰাজহ চক্ৰ বানৰ কৱলত আক্ৰান্ত।বৰ্তমান ৰাজ্যৰ ২৫০৪৪ হেক্টৰ কৃষিভূমি জলমগ্ন।

indiathecrosscurrentslider
Comments (0)
Add Comment