প্ৰয়োজন সৰ্বাত্মক নজৰদাৰীঃ লক্ ডাউন শিথিল কৰাক লৈ সতৰ্কতা WHOৰ

লক্ ডাউন তুলি দিবলৈ প্ৰয়োজন হ’ব ‘সৰ্বাত্মক নজৰদাৰী’। লক্ ডাউনকালীন নীতি নিয়মৰ বাকী শিথিল হোৱাৰ পিছত সাৱধান নহ’লে পুনৰ দ্ৰুতগতিত সংক্ৰমিত হ’ব ক’ৰোণা। ভাৰতৰ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকৰ পিছতেই সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। লক্ ডাউন শিথিল কৰাৰ পিছত পুনৰ নতুনকৈ সংক্ৰমণ বৃদ্ধি হোৱা চীন, জাৰ্মানী, দক্ষিণ কোৰিয়াৰ উদাহৰণ দি ভাৰতক সতৰ্ক কৰিলে WHO-এ।

শেহতীয়াকৈ জাৰ্মান, দক্ষিণ কোৰিয়া আৰু চীনে লক্ ডাউন শিথিল কৰিছে। কিন্তু এই ঠাইবোৰত সংক্ৰমণ পুনৰ বাঢ়িছে।
সেয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰ্তা মাইক ৰায়ানে কৈছে- লক্ ডাউন তুলি দিয়াৰ পিছত সংক্ৰমণ নাবাঢ়িবলৈ চূড়ান্ত নজৰদাৰীৰ প্ৰয়োজন হ’ব। কাৰণ সংক্ৰমণৰ ক্লাষ্টাৰ সমূহ থাকি গ’লে ই পুনৰ ভয়াৱহ।পৰিস্থিতিৰ সৃষ্টি কৰিব। আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰেছ আদানম ঘেব্ৰেয়েছুছ-এ কৈছে- জনজীৱন ৰক্ষাৰ বাবে লাহে লাহে উঠাব লাগিব লক্ ডাউন। খুউব তীক্ষ্ন দৃষ্টি ৰাখিব লাগিব পৰিস্থিতিৰ ওপৰত। ততাতৈয়াকৈ কৰিলে বিপদ অনিবাৰ্য।

CORONAlock downsliderthe crosscurrentwho
Comments (0)
Add Comment