প্ৰধানমন্ত্ৰীক কঠোৰ সকীয়নি,কিন্তু কাৰ?

‘চাহেব,আপুনি মোক জে’লত ৰাখি মোক সমস্যাত পেলাব পাৰিব।কিন্তু আপুনি মোৰ কামৰ স্পৃহাত বাধা দিব নোৱাৰে।বৃটিছ শাসকেও স্বাধীনতা সংগ্ৰামী সকলক কষ্ট দিছিল।কিন্তু তেওঁলোকৰ কামৰ গতি কমা নাছিল’- এই বাৰ্তা দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ।এক টুইটাৰ বাৰ্তাৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰে দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰীগৰাকীয়ে।উল্লেখ্য যে দিল্লীৰ আবকাৰী নীতি সন্দৰ্ভৰ গোচৰত মণীষ ছিছ’ডিয়াক বিগত ২৮ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল।বিগত বৃহস্পতিবাৰে পুনৰ তেওঁক তিহাৰ কাৰাগাৰৰ ভিতৰতেই EDএ গ্ৰেপ্তাৰ কৰে।
দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ ইতিমধ্যে তিহাৰ কাৰাগাৰত কাৰাবাসৰ দুটা সপ্তাহ সম্পূৰ্ণ হ’ল।এই সময়চোৱাত সমগ্ৰ দেশতে আপ দলে মণীষ ছিছ’ডিয়াৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।আনহাতে বিৰোধী দলৰ ফালৰ পৰাও কেন্দ্ৰীয় সংস্থাসমূহ অন্যায়ভাবে ব্যৱহাৰ কৰাৰ বিষয়টো উত্থাপন কৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।এই পত্ৰৰ অন্যতম স্বাক্ষৰকাৰী আছিল লালুপ্ৰসাদ যাদৱ নেতৃত্বাধীন RJD দলো।পত্ৰ প্ৰেৰণৰ পিছদিনাৰ পৰাই চাকৰিৰ বিনিময়ত ভূমি গ্ৰহণ গোচৰত জড়িত থকাৰ অভিযোগত লালু প্ৰসাদ যাদৱৰ জীয়ৰী মিছা ভাৰতীৰ ঘৰত চিবিআইয়ে তালাচী অভিযান চলায়।

Comments (0)
Add Comment