প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ সাজু – কেন্দ্ৰ

ৰেলমন্ত্ৰী পীযুষ গোৱেলে দেওবাৰে সকলো ৰাজ্যকে প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল নিজ নিজ ৰাজ্যত প্ৰৱেশত অনুমতি দিবলৈ আহ্বান জনাইছে,যাতে অহা ৩-৪ দিনত শ্ৰমিকসকল নিজ নিজ ঘৰত উপস্থিত হয়৷ টুইট কৰি পীযুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্দেশক্ৰমে,ভাৰতীয় ৰেলে যোৱা ৬ দিনৰ পৰা প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ পূর্ণৰূপত প্ৰস্তুত হৈ আছে৷ উল্লেখযোগ্য যে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল ৰাজ্যখনত প্ৰৱেশত অনুমতি দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

indian railwaymigrant labourshramik special trainthe crosscurrent
Comments (0)
Add Comment