দেৰগাঁৱৰ গ্ৰন্থ বাণিজ্য মেলালৈ ৰাইজৰ সহাঁৰি

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰৰা দেৰগাঁৱৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাই ব্যাপক সহাঁৰি লাভ কৰিছে৷ মেলাখনিত থকা প্ৰয়াস গ্ৰন্থ যাত্ৰাৰ বিপনীত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে গ্ৰন্থ ক্ৰয় কৰিছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বিপনীয়ে অংশগ্ৰহণ কৰা মেলাখনিত উপলব্ধ হোৱা বিভিন্ন প্ৰকাৰৰ কাপোৰ, ৰঙীন বেগ, ফুল, চাদৰ-মেখেলা-গামোচাই ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিছে৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি অহা এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মূল উদ্দেশ্যই হৈছে বিভিন্ন গৰাকী নিবনুৱাক সংস্থাপিত কৰা৷ আনহাতে, এই মেলা অনুষ্ঠিত কৰাৰ ফলত যি অৰ্থনৈতিক লাভ হয় তাৰ যোগেদি স্নাতক উত্তীৰ্ণ প্ৰায় দুকুৰি ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা৷ ইপিনে, অহা ২৩ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই গ্ৰন্থ আৰু বাণিজ্য মেলাখনিত অহা ১৮ ডিচেম্বৰৰ বিয়লি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ হেতু স্থানীয় একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ বিতৰণ কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে৷

Comments (0)
Add Comment