দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে’ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল কৰ্পৰেশ্যনৰ এটি দলে প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে’ কৰে। এই ঘটনা পোহৰলৈ অহাত তীব্ৰ নিন্দাৰ সন্মুখীন হৈ ক্ষমা খোজে দক্ষিণ মিউনিচিপাল কৰ্পৰেশ্যনে। উল্লেখ্য যে মাৰ্চত উত্তৰ প্ৰদেশৰ বৰেলীতো প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে’ কৰাৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

crosscurrentdelhiDisinfectant Spray on labourthe crosscurrentup
Comments (0)
Add Comment