টুইটাৰত আৰম্ভ হৈছে নতুন ট্ৰেণ্ড।বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তিৰ তালিকাত থকা গৌতম আদানিৰ সমৰ্থনত একাংশ ভাৰতীয়।হিণ্ডেনবাৰ্গ ৰিপৰ্টত আদানিয়ে শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে ব্যাপক ধনৰ লেনদেন কৰি অসৎ উপায়েৰে ধনী হোৱাৰ তথ্য প্ৰকাশ পাইছিল।এই ৰিপৰ্ট প্ৰকাশ হোৱাৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশত। বিশেষকৈ আদানিৰ ৫ টা কোম্পানীত বিনিয়োগ কৰা এলআইচিৰ মুঠ ৯% বিনিয়োগক লৈ গভীৰ চিন্তাত পৰিছে দেশবাসী।বিজেপিৰ গুজৰাট শাখাৰ এগৰাকী নেতা মুকুন্দ জেটহাভাই কয় ” মই আমাৰ দেশৰ ধনাঢ্য সকলক লৈ সুখী৷ভাৰতে কেতিয়াও কোনো বিদেশী শক্তিৰ ওচৰত মূৰ নোদোঁৱায়।”ইফালে হিণ্ডেনবাৰ্গৰ তৰফৰ পৰা জনোৱা হৈছে যে আদানিৰ কোম্পানী কৰ্তৃপক্ষক যিখিনি প্ৰশ্ন সোধা হৈছিল তাৰ অধিকসংখ্যকেই উত্তৰ দিয়ৰৰ পৰা বিৰত থাকে গ্ৰুপটো।আদানি গ্ৰুপৰ CFO যোগেশইন্দৰ সিঙে আদানি কোম্পানীৰ বিপৰ্যয় সম্পৰ্কত মন্তব্য কৰি কয় “ জালিয়ানৱালাবাগত মাত্ৰ এজন ইংৰাজৰ এটা নিৰ্দেশত ভাৰতীয়ই ভাৰতীয়ৰ ওপৰত গুলীবৰ্ষণ কৰিছিল।এতিয়াও মই কিছুমান আমাৰ ভাৰতীয় লোকৰ ব্যৱহাৰ দেখি হতভম্ব হৈছোঁ।”হিমাংশু হীৰপৰাই টুইটাৰত লিখিছে
‘ আমি সকলো এই দেশৰে সন্তান৷এই কথা পুনৰবাৰ সত্য প্ৰমাণিত হৈছে৷বাহিৰৰ লোকে যাতে আমাৰ মানুহক ধ্বংস কৰিব নোৱাৰে তাৰ বাবে ভাৰতীয় ঐক্যবদ্ধ হৈছে।’আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে ” ভাৰতৰ ঘৰুৱা উৎপাদন বাঢ়িছে ৷আমি এতিয়া এক বিশ্বৰ অন্যতম শক্তিলৈ উন্নীত হৈছোঁ।সেয়ে বিদেশী ৰাষ্ট্ৰই আমাক লক্ষ্য হিচাপে লৈছে।”