ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্তৰ ৬হাজাৰ ৯৭৭জন। দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১লাখ ৩৮হাজাৰ ৮৪৪জনলৈ। আক্ৰান্তৰ সংখ্যা সকলোতকৈ বেছি মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট আৰু দিল্লীত।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Cross current NewscrosscurrentIndia Coronathe crosscurrent
Comments (0)
Add Comment