কোভিড-১৯ পৰীক্ষত সফল হৈছে চীন-দাবী বৈদেশিক মন্ত্ৰী ৱাং উইৰ

চীনতেই প্ৰথম কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল। তাৰ পিছত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতেই পৰিস্থিতি ভয়ানক। বিভিন্ন বাদ-বিবাদ চলি থকাৰ চীনে নিজৰ স্থিতি আৰু মত প্ৰকাশ কৰি আহিছে। তাৰমাজতে বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আহিছে। শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কোভিড-১৯ৰ পৰীক্ষা সফল হোৱা বুলি জনাইছে। মন্ত্ৰী ৱাং উই-এ দেওবাৰে দাবী কৰি কয় যে চীনৰ সামাজিক পৰিকাঠামো আৰু চৰকাৰৰ শক্তি সম্পৰ্কত পৰীক্ষা চলাইছে। এই পৰীক্ষা-নিৰীক্ষাত সফল হৈছে বুলিও তেওঁ প্ৰকাশ কৰিছে। নিজৰ জাতীয় শক্তি আৰু সংহতিৰ উদাহৰণ দাঙি ধৰি এইধৰণেই চীনক এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে তুলি ধৰবলা সক্ষম হৈছে বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

chinaCross current Newscrosscurrentthe crosscurrentWand yi
Comments (0)
Add Comment