কুলুত কুলু কুলু ধ্বনিৰ নৈ – নিজৰা নাই,সকলো এতিয়া হিংস্ৰ,উন্মাদ !

চাই থাকোঁতেই এখন ঘৰ শেষ হ’ল ! এক সপোন শেষ হৈ গ’ল !আপোনজন আঁতৰি গ’ল !এনেকৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয় ! যাবলৈ ঠাই নাই,সকাহ দিবলৈ এখন কান্ধ নাই ! জীয়াই জীয়াই নৰক যন্ত্ৰণা পাইছে হিমাচলীয়ে !
হয়,হিমাচল প্ৰদেশৰ কথাই ক’ব খুজিছোঁ।চাই থাকোঁতেই পলকতে নৈসৰ্গিক শোভাৰে সুশোভিত হিমাচল প্ৰদেশ শেষ হৈ গ’ল !চিঞৰি চিঞৰি কান্দিও বুকুৰ বেদনা কমাব পৰা নাই হিমাচলীয়ে।প্ৰমিলা নামৰ সকলো হেৰুওৱা মহিলাগৰাকীয়ে কয় ‘মোৰ কাৰণে মৃত্যুৱেই শ্ৰেয় আছিল।মোৰ বাবে এইবোৰ একো একোটা ভয়ংকৰ সপোন।কাৰ লগত মই মোৰ দুখৰ কথা পাতিম।’২৩আগষ্টৰ ভূমিস্খলনে প্ৰমিলাৰ ঘৰটো শেষ কৰি পেলালে৷ইন্দিৰা গান্ধী মেডিকেল কলেজ হস্পিতালৰ ওচৰত তেওঁৰ ঘৰ আছিল।সেই ভয়ংকৰ দিনৰ কথা স্মৰণ কৰি তেওঁ কয় ‘ মই মোৰ ৭৫ বছৰীয়া মাতৃৰ লগত আছিলোঁ।তেওঁ জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত।২০১৬ চনৰ পৰা তেওঁ চিকিৎসা লৈ আছে।মই চেলচ গাৰ্ল হিচাপে কাম কৰিছিলোঁ।কিন্তু মুদ্ৰাস্ফীতিৰ বাবে মই যোৱা সপ্তাহত কামটো হেৰুৱালোঁ।এটা ৰাতি মই মেডিকেল কলেজ হস্পিতালৰ বাৰাণ্ডাত শুলোঁ।মই ক’লৈ যাম,কি কৰিম নিজেই নাজানো৷মই এতিয়া এটা কাম চাই আছোঁ।এতিয়া মই জামাদাৰৰ কামো কৰিম৷কাৰণ মোৰ এতিয়া একো নাই৷মোৰ মায়েই এতিয়া মোৰ বাবে সকলো।’হিমাচল প্ৰদেশত এতিয়া প্ৰকৃতিৰ ভয়ংকৰ কোপদৃষ্টি। চিমলাত এতিয়া দৈনিক সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।প্ৰকাণ্ড সুউচ্চ অট্টালিকা মূৰ্হুততে ছাৰখাৰ হৈছে।চলিত মাহত এতিয়ালৈকে ১২০ জন লোক নিহত হৈছে।বাৰিষা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে মুঠ ২৩৮ গৰাকী লোকে প্ৰকৃতিৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছে।হিমাচল প্ৰদেশে এই বাৰিষাৰ সময়ত তিনিবাৰকৈ প্ৰকৃতিৰ ধ্বংসযজ্ঞৰ বলি হ’ল।বিগত ৯ আৰু ১০ জুলাইত মান্দী আৰু কুলু ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হয়।বিগত ১৪ আৰু ১৫ আগষ্টত চিমলা আৰু চলান জিলাত সংঘটিত হয় প্ৰকৃতিৰ সংহাৰ।তৃতীয় দুৰ্যোগ সংঘটিত হয় বিগত মঙলবাৰে৷মঙলবাৰৰ দুৰ্যোগত চিমলা নগৰখন সম্পূৰ্ণভাৱে ধ্বংস হয়।কুলুত এতিয়া কুলু কুলু ধ্বনিৰে বৈ থকা জুৰি-জলপ্ৰপাতৰ শব্দ শুনিবলৈ নাই তাৰ বিপৰীতে সকলো হেৰুওৱা লোকৰ জীয়াই থকাৰ আৰ্তনাদ প্ৰতিধ্বনিত হয় সুউচ্চ পাহাৰৰ শৃংগত৷কুলু এতিয়া শেষ,চিমলা এতিয়া ধ্বংসস্তুপ!অট্টালিকাৰ ভগ্নাৱশেষে আৱৰি ধৰিছে কুলু -চিমলাৰ ৰাজপথ !মুঠতে প্ৰকৃতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তি।

Comments (0)
Add Comment