২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদত পথ অৱৰোধ কৰা, দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে উচতনি দিয়াৰ অভিযোগতেই গ্ৰেপ্তাৰ কৰা হৈছিল ছাফুৰা জাৰগাৰক। টদ্য আমেৰিকান বাৰ এছচিয়েচন ফৰ হিউমেন ৰাইটছট নামৰ এটা মাৰ্কিন আইনজীৱী সংগঠনে জামিনৰ আৰ্জি কৰিছে ছাফুৰা জাৰাগাৰৰ। তেওঁলোকৰ দাবী, কেইবাখনো আন্তৰ্জাতিক আইনী চুক্তিৰ অংশ ভাৰত । সেই চুক্তি অনুযায়ী খুব কমসংখ্যক লোকক বিচাৰৰ পূৰ্বে কাৰাবন্দী কৰা হয়। জেটলত কটৰোনাৰ সংক্ৰমণৰো ভয় আছে। ছাফুৰা অন্তসত্ত্বা। এনে সময়ত তেওঁক মুকলি কৰি দিয়া উচিত বুলি দাবী সংগঠনটোৰ। আনহাতে দেশত পেৰলত কাৰাবন্দীক নিৰ্দিষ্ট নিয়মৰ মাজেৰে বহু বন্দীক মুকলি কৰি দিয়া হৈছে। উচ্চতম ন্যায়ালয়েও এইক্ষেত্ৰত ৰায় দিছে। আনহাতে ছাফুৰাৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণো নাই বুলি দাবী কৰি সংগঠনটোৱে মুকলি কৰি দিয়াৰ আৰ্জি জনাইছে। উল্লেখ্য যে ছাফুৰা জাৰগাৰ বৰ্তমান ২১ সপ্তাহৰ অন্তঃসত্ত্বা। পলিছিচটিক অভেৰিয়াৰ ডিছৰ্ডাৰতো ভুগি আছে ছাফুৰা। সেয়ে মানৱীয়তাৰ খাতিৰত মুকলি কৰি দিবলৈ জামিন আবেদন কৰিছিল যদিও দিল্লীৰ পাতিয়ালা হাউছ কৰ্টে খাৰিজ কৰে আবেদন। ইয়াৰ পিছতেই মাৰ্কিন আইনজীৱী সংগঠনটোৱে ছাফুৰৰ পক্ষত থিয় দিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

CAA protestCross current Newscrosscurrentsafoora zargarthe crosscurrent
Comments (0)
Add Comment