কাৰ কথাত উঠাবহা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ?

বিগত মাহত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ সঞ্জয় গান্ধী মেমৰিয়েল হস্পিতালত এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰৰ সময়ত মৃত্যু ঘটাৰ বাবে যোগী চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰে চিকিৎসালয়খনৰ। অৱশ্যে যোগী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ব্ৰজেশ পাঠকে যদিও অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশ দিছে,ইযাত ঘাইকৈ আমেথিৰ সাংসদ স্মৃতি ইৰাণীৰ হাত আছে।
বুধবাৰে এই অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশত স্থগিতাদেশ দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰক এগৰাকী ৰোগীৰ মৃত্যুত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ বিপৰীতে কিয় অনুজ্ঞাপত্ৰ বাতিলৰ দৰে সিদ্ধান্ত ল’বলগীয়া হ’ল তাৰ উত্তৰো বিচাৰিছে। তদুপৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ হস্পিতালখনৰ খোলাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য যে চিকিৎসালয় খনত ৪৫০ গৰাকী কৰ্মচাৰী থকাৰ লগতে ৮০০ ছাত্ৰছাত্ৰীয়ে মেডিকেল পাঠ্যক্ৰমৰ শিক্ষা লৈ আছে। বিগত দুটা সপ্তাহ চিকিৎসালয়খন বন্ধ ৰখাৰ ফলত মেডিকেল পাঠ্যক্ৰমৰ ছাত্ৰছাত্ৰীৰ প্ৰেকটিকেল কৰাত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে স্থানীয় জনতাই চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।নিজৰ বিভাগৰ বিফলতাত অলপো লজ্জাবোধ নকৰা স্মৃতি ইৰাণীয়ে আমেথিত চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰা সম্পৰ্কত কয় ‘ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে গান্ধী পৰিয়ালৰ লোকচান হৈছে। সেয়ে তেওঁলোকে মৃত মহিলা গৰাকীৰ লগত থকাৰ বিপৰীতে হস্পিতাল বন্ধক লৈ হুলস্থূল কৰিছে। ‘উল্লেখ্য যে স্মৃতি ইৰাণীৰ সমষ্টি আমেথিত এগৰাকী মহিলাৰ মৃত্যুৰ বাবে সঞ্জয় গান্ধী মেমৰিয়েল হস্পিতালৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল । ভুল চিকিৎসাৰ দোহাই দি অনুজ্ঞাপত্ৰ বাতিল কৰা চিকিৎসালয়খনত প্ৰায় ৪৫০ গৰাকী কৰ্মচাৰী আছে আৰু চিকিৎসালয়খনে অতি কম খৰছত চিকিৎসা সেৱা আগবঢ়াই আছিল বিগত ৪০বছৰ । কিন্তু কেৱল সঞ্জয় গান্ধীৰ নাম ইয়াৰ লগত জড়িত থকাৰ বাবেই অনুজ্ঞাপত্ৰ বাতিল কৰে চৰকাৰে আৰু এই অনুজ্ঞাপত্ৰ বাতিলৰ আঁৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাত থকা বুলি দাবী কৰিছে তাৰ স্থানীয় জনতাই৷তদুপৰি পিলভিট সমষ্টিৰ সাংসদ বৰুণ গান্ধীয়ে তেওঁৰ পিতৃ সঞ্জয় গান্ধীৰ নামত থকা হস্পিতালখনে দৰিদ্ৰ জনতাৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল বুলি উল্লেখ কৰি চৰকাৰৰ এই স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। এগৰাকী ৰোগীৰ মৃত্যুক লৈ এখন চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰা বিজেপি চৰকাৰে কিন্তু মহাৰাষ্ট্ৰৰ শংকৰ চৌহান হস্পিতালত ২৪ ঘণ্টাত ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। উল্লেখ্য যে শংকৰ চৌহান হস্পিতালত ৫০০ বিচনা আছে আৰু সেই ৫০০ বিচনাতেই ৰোগী ৰাখিছে ১২০০.কিন্তু ইমানৰ পিছতো চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলটো দূৰৰে কথা চিকিৎসালয়খনলৈ কাৰণ দৰ্শোৱাৰ জাননী এখনো পঠিওৱা নাই মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোটৰ চৰকাৰে।

Comments (0)
Add Comment