আদানীৰ পৰা উৎকোচ লোৱাৰ তালিকাত কোন কোন মুখ্যমন্ত্ৰী?

গৌতম আদানীৰ সৈতে নাম সাঙোৰ খাই পৰা ভাৰতৰ আন এগৰাকী চৰ্চিত ব্যক্তি জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ নেতা। আদানীয়ে উত্কোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিঃৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা নাছিল। যাৰ বাবে ভাৰতৰ উদ্যোগপতিয়ে ভাৰতৰ ৰাজনীতিতকক দিয়া উত্কোচৰ কথা দেশৰ কোনোৱে গম নাপালেও গম পালে আমেৰিকাৰ আদালতে।
আমেৰিকাৰ আদালতত দাখিল কৰা অভিযোগত উল্লেখ কৰা অনুসৰি, সৌৰশক্তিৰ চুক্তি লাভ কৰিবলৈ তেতিয়াৰ ৱাই এছ আৰ কংগ্ৰেছৰ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক ১,৭৫০ কোটি টকা দিবলৈ সন্মত হৈছিল গৌতম আদানী। ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ উপৰিও তামিলনাডু, ওড়িশা, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰ চৰকাৰে ভাৰতীয় সৌৰ শক্তি নিগম (SECI)ৰ সৈতে চুক্তি কৰিছিল। এই চুক্তিত অন্ধ্ৰ প্ৰদেশ DISCOMsএ SECIৰ সৈতে ৭,০০০ মেগাৱাট বিদ্যুতৰ বাবে চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ বিদ্যুৎ যোগান ধৰিব SECI য়ে। আৰু এই বিদ্যুত্ SECIএ আদানী পাৱাৰ আৰু এজিউৰৰ পৰা ক্ৰয় কৰিব। আদানীৰ কোম্পানী আৰু এজিউৰৰ পৰা ক্ৰয় কৰা এই বিদ্যুত্ পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশক যোগান ধৰিব SECIএ।
২০২১ চনৰ ১৪ অক্টোবৰত তেতিয়াৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক তেওঁৰ বাসগৃহত গৌতম আদানীয়ে সাক্ষাত্ কৰা পাছতেই ডিস্কোমে এছ ই চি আইৰ সৈতে এই চুক্তি কৰিছিল। ডিস্কোমৰ হৈ তদানীন্তন শক্তি সচিব নগুলাপল্লী শ্ৰীকান্ত, চিপিডিচিএলৰ চিএমডি পদ্ম জনাৰ্ধন ৰেড্ডীকে ধৰি অন্যান্য বিষয়ববীয়াই এই চুক্তিত স্বাক্ষৰ কৰিছিল। ২৫ বছৰৰ বাবে প্ৰতি ইউনিটত ২.৪৯ টকাৰ হাৰত ২.৩ গিগাৱাট বিদ্যুত্ ক্ৰয় কৰাৰ বাবে এই চুক্তি স্বাক্ষৰিত হয়। মন কৰিব, আদানীয়ে যি সময়ত SECIৰ যোগেদি অন্ধ্ৰপ্ৰদেশক প্ৰতি ইউনিট ২.৪৯ টকা হাৰত যোগান ধৰি আছিল, সেই সময়ত কিন্তু আদানীৰ গৃহৰাজ্য গুজৰাটক একেই SECIৰ যোগেদি মাত্ৰ ৯৯ পইছাত যোগান ধৰি আছিল। অৰ্থাত্ জগন মোহন ৰেড্ডীক আদানীয়ে দিয়া বা প্ৰতিশ্ৰুতি দিয়া ঘোচে কাম দিলে। যাৰ বাবে ৰাজ্যৰ জনতাৰ কথা নাভাবি এজন মুখ্যমন্ত্ৰীয়ে উচ্চ হাৰত আদানীৰ পৰা বিদ্যুত্ ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। নিশ্চিতভাৱে এই লেনদেনৰ পৰা লাভৱান হ’ব আদানী আৰু আদানীৰ পৰা ঘোচ লোৱা জগন মোহন ৰেড্ডী। কিন্তু বিদ্যুতৰ বৰ্দ্ধিত মাচুল ভৰি কঁকাল পৰিব সাধাৰণ জনতাৰ।
উল্লেখ্য, বজাৰত দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই ২ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ উৎকোচ বিলাইছিল ধনাঢ্য গৌতম আদানিৰ কোম্পানী আদানি গ্ৰীণ আৰু কানাডাৰ কোম্পানী এজিউৰ পাৱাৰে৷ ভাৰতৰ বিভিন্ন ক্ষমতাশালী ব্যক্তিক ২ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ উৎকোচ প্ৰদানৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে আদানি গ্ৰীণৰ মুৰব্বী গৌতম আদানি, ভতিজাক সাগৰ আদানি আৰু বিনীত জৈনৰ লগতে এজিউৰ পাৱাৰৰ চাইৰিল কেবানছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা৷ আমেৰিকাৰ ফেডাৰেল ক’ৰ্ট অৱ ব্ৰুকলিনত ফাদিল হৈছে ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ এই চাঞ্চল্যকৰ অধ্যায়৷ আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ভাৰতত বজাৰৰ দৰতকৈ বেছি দৰত বিদ্যুত বিক্ৰী কৰিবৰ বাবে আদানি গ্ৰীণ আৰু এজিউৰ পাৱাৰে ২৫০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ২০২৯ কোটি টকাৰ উৎকোচ বিভিন্ন চৰকাৰী বিষয়াক প্ৰদান কৰিছিল৷ আমেৰিকান চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত এজিউৰ পাৱাৰে বিভিন্ন ৰাজ্যত এইদৰে উৎকোচ প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহৰ লগত দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছিল৷ আৰু এই অভিযোগত নাম সাঙোৰ খাই পৰিছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম। এনে গুৰুতৰ অভিযোগৰ পাছতো প্ৰধানমন্ত্ৰীয়ে গৌতম আদানীক সুৰক্ষা দিয়েই থাকিবনে? জগন মোহন ৰেড্ডীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীও এই অভিযোগৰ আওতালৈ আহিব নেকি? আৰু কাক কাক উত্কোচ দি নিজৰ ব্যৱসায়িক মুনাফা লুটিছিল গৌতম আদানীয়ে, এইবোৰৰ নিৰপেক্ষ তদন্ত ভাৰতত হ’বনে?

#adani#gautamadaniamerica
Comments (0)
Add Comment