আদানিৰ বিৰুদ্ধে নীৰৱ মমতা বেনাৰ্জী কিন্তু কিয়?

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰিছে গৌতম আদানিৰ সাম্ৰাজ্য।সনাপোটোকা হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানিৰ নাম।বিৰোধী দলবোৰে যুটীয়া সংসদীয় সমিতিৰ জৰিয়তে বিষয়টোৰ তদন্ত দাবী কৰিছে।প্ৰায়সংখ্যক বিৰোধী দলেই আদানিৰ বিষয়টো সম্পৰ্কত একমত পোষণ কৰিছে যদিও এক দূৰত্ব বৰ্তাই ৰাখিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলে।তৃণমূল কংগ্ৰেছৰ এই নীৰৱতাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে পশ্চিমবংগৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ চৌধুৰীয়ে।জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ মতে মমতা বেনাৰ্জীক এই সম্পৰ্কত নীৰৱতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।জ্যেষ্ঠ নেতাগৰাকীৰ মতে ইতিমধ্যে আদানি গ্ৰুপক চমজাই দিয়া তাজপুৰ বন্দৰ প্ৰকল্পৰ কামত হকাবাধা আহি পৰে বুলিয়েই মমতা বেনাৰ্জীয়ে এই সম্পূৰ্ণ বিষয়টো সম্পৰ্কত নীৰৱতা অবলম্বন কৰিছে।
“মোডীৰ লগত ঘনিষ্ঠতা বৃদ্ধি আৰু আদানিৰ লগত নতুন বন্ধুত্বৰ বাবেই মমতা বেনাৰ্জীয়ে নীৰৱতা অৱলম্বন কৰিছে।তাজপুৰ বিমান বন্দৰ আদানি গ্ৰুপে নিৰ্মাণ কৰিব৷ইতিমধ্যে ইয়াৰ বাবে বুজাবুজি চুক্তিও স্বাক্ষৰ হৈছে।তেতিয়াই মমতা বেনাৰ্জীয়ে আদানিক সকলোধৰণৰ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল ।অধীৰ চৌধুৰীৰ মতে ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ উদ্দেশ্য হ’ল আচলতে বিজেপিক সহায় কৰা।বিজেপিক সহায় কৰি আন দলৰ ভোট ভঙাৰ বাবে তৃণমূলে এই সিদ্ধান্ত লোৱা বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।“ মেঘালয়তো বিজেপিক সহায় কৰাৰ উদ্দেশ্যেৰেই ৰণত নামিছে তৃণমূল কংগ্ৰেছে।তেওঁলোকৰ দলে প্ৰাৰ্থিত্ব দিবলৈকে প্ৰাৰ্থী নাপাব মেঘালয় -ত্ৰিপুৰাত।’

Comments (0)
Add Comment