আজি ৮ মে’ ৷জানি লওঁ আহক আজিৰ দিনটোৰ আমি নজনা ৫ টা কথা

দেশ আৰু পৃথিৱীৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ বহু ঘটনা ঘটি গৈছে আজি ৮ মে’ৰ দিনটোত৷ জানি লওঁ আহক তাৰ মাজৰ ৫টা গুৰুত্বপূৰ্ণ ঘটনা৷
১৯৮৪: আজিৰ এই দিনটোতে ছোভিয়েট ইউনিয়নে অলিম্পিক খেল বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল৷ লছ এঞ্জেলছত অনুষ্ঠিত হোৱাৰ কথা আছিল অলিম্পিক৷ কিন্তু খেল আৰম্ভ হোৱাৰ ১২ সপ্তাহ পূৰ্বে ছোভিয়েট ইউনিয়নে অলিম্পিক বহিষ্কাৰৰ কথা ঘোষণা কৰে৷

জন এছ পেমবাৰ্টন

১৮৮৬:আমেৰিকান ফাৰ্মাচিষ্ট জন এছ পেমবাৰ্টনে জনপ্ৰিয় পানীয় কোকাকোলা প্ৰস্তুত কৰি উলিয়ায়৷

দ্বিতীয় বিশ্বযুদ্ধ

১৯৪৫:আজি ইউৰোপত সামৰণি পৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ৷কাৰণ ,আজিৰ দিনটোতে জাৰ্মান নাজী বাহিনীয়ে ইউৰোপত আত্মসমৰ্পন কৰিছিল৷দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল ১৯৩৯ চনৰ ১ ছেপ্তেম্বৰত৷কিন্তু ইউৰোপত এই যুদ্ধৰ সামৰণি পৰিলেও প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যুদ্ধৰ কুচকাৱাজ অব্যাহত থাকে৷ছেপ্তেম্বৰত জাপানে আত্মসমৰ্পন কৰাৰ পিছত যুদ্ধ শেষ হয়৷

১৯০১:অষ্ট্ৰেলিয়াত লেবাৰ পাৰ্টীৰ প্ৰতিষ্ঠা৷

মহাত্মা গান্ধী

১৯৩৩:মহাত্মা গান্ধীয়ে বৃটিছ শাসনৰ বিৰুদ্ধে ২১ দিনীয়া অনশন আৰম্ভ কৰে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

2nd world war8 th maycocacolathecrosscurrentworld history
Comments (0)
Add Comment