আইনী সজাগতা সমদল ওদালগুৰিত

সামাজিক অপৰাধৰ বিৰুদ্ধে ওদালগুৰিত আইনী সজাগতা সমদল।সামাজিক অপৰাধৰ বিৰুদ্ধে মংগলবাৰে ওদালগুৰি চহৰত এক আইনী সজাগতা সমদল উলিওৱা হয়।গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্লেটিনাম জুবিলী ( PLATINUM Jubilee).উপলক্ষে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ উগ্যোগত উলিওৱা হয় আইনী সজাগতা।ওদালগুৰি বিষ্ণু কৃষ্টি সংঘ প্ৰাংগনৰ পৰা উলিওৱা সমদলটো চহৰৰ মাজেৰে গৈ জিলা আদালতৰ চৌহদত সামৰণি পৰে। সমাজত চলি থকা বাল্যবিবাহ,শিশু সৰাবৰাহ,ড্ৰাগচ সৰাবৰাহ আদিৰ ক্ষেত্ৰত জনসাধাৰনৰ মাজত সজাগতা সৃষ্টিৰ বাৱে এই সমদল উলিওৱা বুলি জিলা আৰু সত্ৰ ন্যায়ধীশ মহেন্দ্ৰ কলিতাই সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে।

Comments (0)
Add Comment