অনুকম্পামূলক নিযুক্তিত নতুন নিৰ্দেশ

ৰাজ্য চৰকাৰৰ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিৰ্দেশ ন্যায়ালয়ৰ ।২০১৭ চনলৈকে নিযুক্তি বঞ্চিত প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ ।বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়ে এই নিৰ্দেশ।অৱসৰৰ বাবে তিনিবছৰ থকা অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত অনুকম্পা মূলক নিযুক্তি বাতিল কৰিছিল চৰকাৰে ।কিন্তু তিনি বছৰতকৈ অধিক চাকৰি থকা অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হোৱা নাছিল।২০১৫ চনত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মুঠ ১৭ গৰাকী বঞ্চিত প্ৰাৰ্থী ।দীৰ্ঘ দিনৰ শুনানিৰ অন্তত ন্যায়ালয়ে চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনাৰ নিৰ্দেশ দিয়ে ।উল্লেখ্য, ২০১৭ চনত অনুকম্পা মূলক নিযুক্তি সম্পূৰ্ণ ৰূপে বাতিল কৰিছিল চৰকাৰে ।

Comments (0)
Add Comment