সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুবছৰ নৌহওঁতেই ভাঙি চূৰমাৰ হ’ল পথ

এটা ভয় লগা দৃশ্য ! পথৰ মাজতে এটা প্ৰকাণ্ড গাঁত ! এতিয়ালৈকে আমি ৰাজ্যৰ বিভিন্ন পথৰ ওপৰত পুখুৰী সদৃশ পৰিবেশ দেখুৱাই আহিছোঁ । কিন্তু এই দৃশ্য আটাইতকৈ ভয়াবহ । পথৰ ওপৰত যেন সৃষ্টি হৈছে এক বিশাল খাদ বা গহ্বৰ । হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ সুলতানীছেৰা এলেকাৰ দৃশ্য এয়া । ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সুলতানিছেৰা গাওঁ সংযোগী এই পথৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈছে ২০২১ চনত । কিন্তু প্ৰধান মন্ত্ৰী গ্ৰ‍‍ামীন পথ নিৰ্মাণ আঁচনিত নিৰ্মিত এই পথে নিৰ্মানৰ মাত্ৰ ২ বছৰ পিছতে লৈছে এনে ভয়াবহ ৰূপ । মাত্ৰ ৮০০ মিটাৰ দৈৰ্ঘৰ এই পথ ঠায়ে ঠায়ে খহি পৰিছে । ফলত পথৰ ওপৰতে সৃষ্টি হৈছে প্ৰকাণ্ড গহ্বৰৰ । প্ৰতিদিনে হাজাৰ হাজাৰ লোকে জীৱনটোক হাতত লৈ এই পথৰে অহা যোৱা কৰি আছে । কিন্তু এই বিষয়ত সামান্যও অবগত ন’হয় হাইলাকান্দি জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগ । স্থানীয় লোকে এই পথৰ এনে অৱস্থাৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৷

Leave A Reply

Your email address will not be published.