সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰে’ল দুৰ্ঘটনা: ভাতৃৰ শেষকৃত্য কৰি ঘৰলৈ ওভতা নহ’ল গুৱাহাটীৰ শান্তাদেৱীৰ

সৰু ভায়েকৰ মৃত্য়ুৰ খবৰ পাই যোৱা ২৩ ডিচেম্বৰত জয়পুৰলৈ ৰাওণা হৈছিল শান্তাদেৱী পাটানী ৷ গুৱাহাটী নিবাসী শান্তাদেৱী পাটানীয়ে ভাতৃৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতিছিল বিকানিৰ – গুৱাহাটী এক্সপ্ৰেছত ৷ কিন্তু বৃহস্পতিবাৰে পশ্চিমবংগৰ জলপাইগুৰিত দুৰ্ঘটনাগ্ৰস্থ হয় ৰে’লখন ৷ এই দুৰ্ঘটনা মৃত্যু হয় শান্তাদেৱী পাটানীৰো ৷
শান্তাদেৱী পাটানীৰ লগত আাছিল তেওৰ আন এজন ভায়েক ধৰ্ম চান্দ জৈন ৷ ধৰ্ম চান্দ এচি দবাত থকাৰ বিপৰীতে শান্তাদেৱীয়ে যাত্ৰা কৰিছিল শ্লিপাৰ কোচ্চত ৷ ৰে’লখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পাছত থিতাতে নিহত হয় শান্তাদেৱী পাটানী ৷ নিহত মহিলাগৰাকীৰ দুই পুত্ৰ ৰোহিত আৰু বিজয়ে ইতিমধ্যে মাতৃৰ নশ্বৰদেহ ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিছে ৷

Leave A Reply

Your email address will not be published.