সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ৰাছিয়াৰ সন্মুখত আমাক অকলে এৰি দিয়া হ’ল৷ ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাৰ লগত কোনো নাই৷’

ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ সৈতে যুজিবলৈ সাজু থকা,কাকোয়েই আমি দেখা নাই৷এই গুৰুত্বৰ আৰু আবেগিক অভিযোগ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ৷বৃহস্পতিবাৰে আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷এই আক্ৰমণত এতিয়ালৈ ১৩৭ জন ইউক্ৰেনৰ নাগৰিকৰ মৃত্যু হৈছে৷ৰাছিয়াৰ আক্ৰমণৰ পূর্বে আমেৰিকাকে আদি কৰি পশ্চিমীয়া দেশসমূহে সকিয়নি প্ৰদান কৰিছিল,ইউক্ৰেইনৰ আক্ৰমণৰ পৰিনাম হব ভয়াৱহ৷কিন্তু সেই সকিয়নিক ওলোটাই প্ৰত্যুত্তৰ দি ৰাছিয়াই ক’লে,ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তৃতীয় পক্ষৰ প্ৰৱেশ ঘটিলে ভুগিব লাগিব ভয়াৱহ পৰিণতি৷তাৰপিছতেই আৰম্ভ আক্ৰমণ৷
ইউক্ৰেইনৰ দাবী,এতিয়ালৈ ৰাছিয়াৰ আক্ৰমণত মৃত্য হৈছে ১৩৭ গৰাকী ইউক্ৰেইনৰ নাগৰিক৷গুৰুত্বৰ ভাবে আহত হৈছে প্ৰায় ৩১৬ গৰাকী৷কিন্তু সহাৰি নাই কোনো ৰাষ্ট্ৰৰে৷মাজনিশা এক ভিডিঅ’ বার্তাত আবেগিক হৈ উঠা দেখা গল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেঞ্চকিক৷জেলেঞ্চকিয়ে কয়;আমাৰ দেশ ৰক্ষা কৰিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ লগত যুজিবলৈ কোন সাজু?আমি কাকোয়েই দেখা নাই৷আমঅক নাটোৰ সদস্যপদৰ গেৰান্টি দিবলৈ কোন সাজু?সকলোয়েই এতিয়া ভয় খাইছে৷
এবাৰ চাই লওক কি কৈছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে৷
দ্বিতীয় দিনাও অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷ইউক্ৰেইনৰ ৰাজধানীত চহৰত দ্বিতীয় দিনাৰ পূৱাতেই সংঘটিত হয় ৭ টা বৃহৎ বিস্ফোৰণ৷তাৰমাজতে জেলেঞ্চকিয়ে ঘোষনা কৰিছে,যে ৰাছিয়ান সেনাই ইতিমধ্যে ৰাজধানী চহৰত প্ৰৱেশ কৰিছে৷ৰাজধানী চহৰৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ আতৰত ৰাছিয়ান সেনাৰ টেংকাৰে অৱস্থান কৰিছে৷তেওলোকক বাধা দিবলৈ ইউক্ৰেইন সেনাই ইতিমধ্যে তিনিখনকৈ দলং ধংস কৰিছে৷ইউক্ৰেইনে ধাৰনা কৰিছে,যে আগন্তক ৪ টা দিনৰ ভিতৰত ৰাছিয়ান সেনাই দখল কৰিব ইউক্ৰেইনৰ সমগ্ৰ ৰাজধানী চহৰ৷
আনফালে ৰাছিয়াই দাবী কৰিছে,বৃহস্পতিবাৰে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ১৪ টা অঞ্চলত ২০৩ টা আক্ৰমণ সংঘটিত কৰিছে৷ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগত ফোনযোগে মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷শীঘ্ৰেই যুদ্ধৰ অৱসান ঘটাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক আহ্বান জনোৱা বুলি ভাৰত চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে৷আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে,ৰাছিয়াক সমর্থন কৰা ৰাষ্ট্ৰসমূহকো এইবাৰ সকিয়নি প্ৰদান কৰিছে৷ৰাছিয়াক সমর্থন কৰা ৰাষ্ট্ৰসমূহেও ৰক্তাক্ত সংঘর্ষৰ সন্মুখীন হব লাগিব সকিয়াই দিছে জ’ বাইদেনে৷কিন্তু তাৰমাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে,তেওলোকৰ দেশ ৰক্ষাৰ বাবে তেওলোকক অকলে এৰি দিয়া হল বুলি দিয়া আবেগিক অভিযোগে এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

- Donation -

Leave A Reply

Your email address will not be published.