সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাজুলীৰ প্ৰাৰ্থী ভুবন গামক লৈ সন্তুষ্ট নহয় নেকি মুখ্যমন্ত্ৰী ?

মাজুলী ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ ৷ এই মাজুলীক দলঙেৰে আন প্ৰান্তৰ লগত সংযোগ কৰাৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ বিধানসভা নিৰ্বাচন পাৰ হৈ গ’ল ৷ কিন্তু দলঙৰ স্বপ্ন আজিও আধৰুৱা ৷ তিনিবাৰকৈ আধাৰশিলা আৰু ভূমিপূজন সম্পন্ন হোৱা হয়তো এইখনেই অসমৰ প্ৰথমখন দলঙ ৷ দলঙ নিৰ্মানৰ প্ৰতিশ্ৰুতি পূৰণ নহ’লেও মাজুলীৰ জনসাধাৰণৰ ওচৰলৈ বাৰম্বাৰ ভোট বিচাৰি আহি আছে ডাঙৰ ডাঙৰ দলৰ ডাঙৰ ডাঙৰ নেতাসকল ৷আকৌ এবাৰ মাজুলী বিধানসভা সমষ্টিৰ উপ – নিৰ্বাচন সমাগত ৷ এইবাৰ মাজলীবাসীয়ে নিৰ্বাচন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ৷ বিগত নিৰ্বাচনত মাজুলীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল ৷ তেও কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুক বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হ’বলৈ সক্ষম হৈছিল ৷ বিগত নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে ৭১ হাজাৰ ৪৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোন পেগুয়ে লাভ কৰিছিল ২৮ হাজাৰ ২৪৪ টা ভোট ৷কিন্তু পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বই সৰ্বানন্দ সোণোৱালৰ ঠাইত হিমন্ত বিশ্ব শৰ্মাকহে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ে ৷ যাৰ বাবে সোণোৱালৰ সন্মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তেওক মোদী মন্ত্ৰীসভাত সংস্থাপিত কৰিবলগীয়া হ’ল ৷ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত মাজুলীত অকৌ অনুষ্ঠিত হৈছে উপ নিৰ্বাচন ৷ এই উপ- নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ভুবন গামক ৷ ভুবন গাম পেছাত এজন ব্যৱসায়ী ৷ শাসনত থকা দলৰ সৈতে তেও সদায় ভাল সম্পৰ্ক বৰ্তাই ৰাখে ৷ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা দেখাৰ পাছৰে পৰা ভুবন গাম বিজেপিৰ ভাতঘৰত সোমাই পৰিল ৷ কেৱল সেয়াই নহয় , নিৰ্বাচনৰ সময়ত তেও সৰ্বানন্দ সোণোৱালক ধনে জনে সহায় কৰিছিল বুলিও মাজুলীবাসীয়ে জানে ৷ সেইবাবেই সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেৱেই হৈ পৰিল মাজুলীত বিজেপিৰ প্ৰাৰ্থিত্বৰ প্ৰধান দাবীদাৰ ৷ চৰ্চা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভুবন গামক প্ৰাৰ্থিত্ব প্ৰদানৰ পক্ষত নাছিল ৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ পছন্দৰ প্ৰাৰ্থী হোৱা বাবেই তেওক বিজেপিয়ে মাজুলীত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ বাধ্য হ’ল ৷ ভুবন গামে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতো সামাজিক মাধ্যমত প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জনোৱাৰ পৰা বিৰত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আনকি মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেবাজনো নেতাই প্ৰাৰ্থিত্ব বিচৰাৰ প্ৰসংগ উত্থাপণ কৰে ৷তেওৰ ভাষণৰ পৰা ধাৰণা কৰিব পাৰি যে ভুবন গামৰ বাবে এশ শতাংশ দিবলৈ প্ৰস্তুত নহয় মুখ্যমন্ত্ৰীগৰাকী ৷আন এটা লক্ষনীয় বিষয় আছিল যে মনোনয়ন দাখিলৰ সময়ত ভুবন গামৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিলেও সৰ্বানন্দ সোণোৱালক সেই দিনটোত মাজুলীত দেখা নগ’ল ৷ হয়তো আভ্যন্তৰীণ সংঘাত ঢাকি ৰাখিবৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভুবন গামৰ মনোনোয়ন দাখিলৰ অনুষ্ঠানত উপস্থিত হ’ল ৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতিয়ে আন বহু প্ৰশ্ন এৰি থৈ গ’ল ৷
আনহাতে মাজুলীৰ উপ – নিৰ্বাচনত বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ তেওক কংগ্ৰেছ আৰু ৰাইজৰ দলেও সমৰ্থন জনাইছে ৷ আজি মনোনয়ন দাখিলৰ সময়ত চিত্তৰঞ্জন বসুমতাৰীৰ কাষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বকো দেখা গ’ল ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল মাজুলীৰ উপ – নিৰ্বাচনতে প্ৰথমবাৰৰ বাবে বিৰোধী শক্তিক ঐক্যবদ্ধ ৰূপত দেখা গৈছে ৷ পূৰ্বৰ উপ – নিৰ্বাচনতো বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তিৰ পোষকতা কৰা হৈছিল যদিও শেষ মুহূৰ্তত সেয়া সম্ভৱ হৈ নুঠিল ৷ কিন্তু মাজুলীত পূৰ্বৰ ভুলৰ শুধৰণি কৰিলে অসমৰ বিৰোধী শক্তিয়ে ৷ এই মিত্ৰতা কাৰ্যক্ষেত্ৰত কিমানদূৰ প্ৰতিফলিত হয় , তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব ৷ মাজুলীত ভুবন গামৰ প্ৰাৰ্থীত্বক লৈ বিজেপিৰ মাজত চলি থকা শীতল সংঘাত আৰু ঐক্যবদ্ধ ৰূপত বিৰোধী শক্তি অৱতীৰ্ণ হোৱাটোৱে এই উপ – নিৰ্বাচনৰ আটাইতকৈ উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে ৷ ফলাফলে স্পষ্ট কৰি দিব যে ভুবন গাম আচলতে কাৰ মানুহ আছিল ৷ লগতে বিৰোধী শক্তি বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ কিমানদূৰ সক্ষম সেয়াও ১০ মাৰ্চৰ ফলাফলত ওলাই পৰিব ৷

- Donation -

Leave A Reply

Your email address will not be published.