শেহতীয়াকৈ ৰেলেৱে পৰীক্ষাত সংঘটিত হোৱা বেমেজালীক লৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত সূচনা হৈছিল ব্যাপক ছাত্ৰ আন্দোলন৷সমগ্ৰ দেশৰে দৃষ্টি আর্কষণ কৰিছিল এই বিদ্ৰোহে৷এইবাৰ উত্তৰ প্ৰদেশত ৰুপায়ন হব ছাত্ৰৰ সত্যাগ্ৰহ কার্যসূচী৷সাম্প্ৰদায়িকতা আৰু ধর্মীয় সংঘাতে উত্তাল কৰি ৰখা দেশখনত শেহতীয়া সময়ত নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূর্ণ ইচ্ছ্যু এটাক লৈ গঢ়ি উঠিছে জনজাগৰণ৷বিহাৰ উত্তৰ প্ৰদেশত সূচনা হোৱা এই জনজাগৰনে এইবাৰ চুই যাব পাৰে নেকি অসমকো?অসমতো অনাঘত সময়ত নিবনুৱা সমস্যাক লৈ উদ্ভব হব পাৰে নেকিবিদ্ৰোহ?সেইকথা জানিবলৈ আমি বুজিব লাগিব কিদৰে অসমত ভয়াৱহ হৈ উঠিছে নিবনুৱা সমস্যা৷
২০১৬ চনত অসমৰ শাসনলৈ বিজেপি চৰকাৰ অহাৰ আগতেই,দলটোয়ে ভিজন ডকুমেন্টত কৈছিল যে অসমত আছে ২৩ লাখ নিবনুৱা৷নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ২৩ লাখ নিবনুৱাৰ কথা কলেও,২০১৬ চনত অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা আছিল ১৬ লাখ ৪২ হাজাৰ ৭১৮ গৰাকী।অৱশ্যে পঞ্জীয়ন নোহোৱাকৈ ৰৈ যাব পাৰে অলেখ নিবনুৱাৰ হিচাপ।কিন্তু মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে বিধানসভাত দাঙি ধৰা এক তথ্য অনুসৰি ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈ অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হলগৈ ২০ লাখ ২৪ হাজাৰ ৪৪৬ গৰাকী।
বিগত শনিবাৰে দৈনিক অগ্ৰদূতত প্ৰকাশিত এক বাতৰি অনুসৰি,এক বাতৰি অনুসৰি,২০২১ চনৰ ২৭ ছেপ্তেম্বৰৰ পৰা ২০২২ চনৰ ২০ জানুৱাৰীলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰ সমূহত প্ৰঞ্জীয়ন কৰিছে ২ লাখ,৫৩ হাজাৰ,৮০০ গৰাকী নিবনুৱাই৷অর্থাৎ হিমন্ত বিশ্ব শর্মাৰ এবছৰত এক লাখক চাকৰি প্ৰদান কৰাৰ বিপৰীতে চাৰি মাহত জন্ম হল অতিৰিক্ত আঢ়ৈ লাখ নিবনুৱা৷দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জুন পৰ্যন্ত ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত সৰ্বমুঠ ২১,৫০,৮৭১ জন নিবনুৱাই পঞ্জীয়ন কৰিছে৷সেই অনুসৰি অসমৰ নিবনুৱাৰ সংখ্যাই ইতিমধ্যে ২৪ লাখৰ ঘৰ অতিক্ৰম কৰিছে৷
এতিয়া শুনক ইয়াতকৈ ভয়ংকৰ কথাটো৷চনৰ ৩১ মাৰ্চত বিধানসভাত এটা বিশেষ প্ৰশ্ন উত্থাপন কৰিছিল দেৱব্ৰত শইকীয়াই।সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছিল ৰাজ্যিক উদ্ভৱনা আৰু ৰূপান্তৰ আয়োগৰ প্ৰতিবেদনৰ এক তথ্য।তথ্য অনুসৰি,কোভিড কালত বিভিন্ন খণ্ডত নিয়োজিত অসমৰ ১১০ লক্ষ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ জীৱিকাত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পৰিব।সেই অনুসৰি অসংগঠিত খণ্ডত নিয়োজিত ১৫ লাখৰ পৰা ২৭ লাখ লোকে কৰ্ম সংস্থাপন হেৰুৱাৰ পূৰ্ণ আশংকা আছে।সেই আশংকাই যদি সত্য হৈছে,তেন্তে অসমত নতুনকৈ ২৭ লাখ নিবনুৱাৰ সৃষ্টি হৈছে।অৰ্থাৎ, অসমত সৰ্বমুঠ নিবনুৱাৰ সংখ্যা হবগৈ প্ৰায় ৫০ লাখ।
উল্লেখনীয় যে হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই বছৰত এক লাখক চাকৰি প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ইয়াৰে ৬০ লাখৰ সাক্ষাৎকাৰ পযর্ন্ত সমপ্প হৈ গৈছে বুলি মুখ্যমন্ত্ৰী ঘোষনা কৰিলেও বিষয়টোৰ ৰহস্যৰ আওতাত সোমাই পৰিছে৷অন্যহাতে আজি অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি,লকডাউনৰ সময়ত ১লাখ ৭৩ হাজাৰ প্ৰবাসী শ্ৰমিক ঘূৰি আহিছিল অসমলৈ৷কিন্তু ইয়াৰে মাত্ৰ ১২ হাজাৰ প্ৰৱাসী শ্ৰমিককহে সংস্থাপন দিবলৈ সক্ষম হল অসম চৰকাৰ৷
উল্লেখনীয় যে অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টত উল্লেখ আছিল নিবনুৱাৰ সংস্থাপন আৰু ইয়াৰ বাবে বিশেষ নটা পদক্ষেপ গ্ৰহণ প্ৰসংগ।এই সমূহ পদক্ষেপৰ ভিতৰত আছিল এশটা bpo স্থাপন,নিয়োগ বিনিময় কেন্দ্ৰৰ উন্নতি,ত্ৰিশখন আই আই টি,পৰ্যটন উদ্যোগৰ বিকাশ,চাকৰি মেলা ইত্যাদি ইত্যাদি।কিন্তু অসম চৰকাৰৰ তথ্যমতে নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ২০১৮ চনত নিযুক্তি প্ৰদান কৰা হল ৯৪৫ জনক৷একেদৰে ২০১৯ চনত নিযুক্তি দিয়া হল ৮৬৭ জনক৷
এনেদৰে প্ৰতিবছৰে ৰাজ্যত লাখ লাখ নিবনুৱাৰ সৃষ্টি হৈ অহাৰ বিপৰীতে,চৰকাৰ ব্যর্থ হৈ আহিছে সংস্থাপনত৷এনে এক প্ৰেক্ষাপটত অনাগত দিনত অসমত নিবনুৱা সমস্যাক লৈ এক বৃহৎ গণ জাগৰণৰ সূচনাৰ আশংকা কোনেও নুই কৰিব নোৱাৰে৷
- Donation -