সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুই হাজাৰ খালী পদেৰে কেনেকৈ চলিছে অতুল বৰাৰ কৃষি বিভাগ?

 অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক বাতৰি অনুসৰি,কৃষি বিভাগত অতিৰিক্ত সঞ্চালক পদৰ সংখ্যা হৈছে ৫ টা৷কিন্তু লক্ষণীয়ভাবে বিভাগটোত খালি হৈ ৰৈছে অতিৰিক্ত সঞ্চালকৰ ৫ টাকৈ পদ৷একেদৰে বিভাগটোত আছে ১৬ টা যুটীয়া সঞ্চালকৰ পদ৷তাৰবিপৰীতে বিভাগটোত খালী হৈ ৰৈছে ৩ টা যুটীয়া সঞ্চালকৰ পদ৷আনহাতে ৫২ টা উপসঞ্চালক পদৰ ৮ টা, ১০৩ টা সহকাৰী সঞ্চালক পদৰ ৬১ টা, ১৬৫ টা মহকুমা কৃষি বিষয়া পদৰ ১৮ টা, ১৩৫ টা জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া পদৰ ৫২ টা আৰু ৪৬৫ টা কৃষি উন্নয়ন বিষয়া পদৰ ১১৩ টা পদেই খালী হৈ ৰৈছে অতুল বৰাৰ কৃষি বিভাগত৷কেৱল সিমানেই নহয়৷কৃষি বিভাগত আছে গাও পর্যায়ৰ সম্প্ৰসাৰণ কর্মী অথবা ভি এল ই ডব্লিউৰ ২৭০০ টা পদ৷এই ভি এল ই ডব্লিউ সকল কৃষি বিভাগৰ অতি গুৰুত্বপূর্ণ কর্মচাৰী,কাৰণ কৃষিক্ষেত্ৰলৈ গৈ এওলোকে কৃষকৰ সমসয়াৰ বুজ লোৱাৰ লগতে দিহা পৰামর্শ প্ৰদান কৰিব লাগে এওলোকেই৷অর্থাৎ কৃষক আৰু কৃষি বিভাগৰ মাজত মুখ্য যুগসু্ত্ৰ এই সকল ভি এল ই ডব্লিউ৷কিন্তু লক্ষণীয়ভাবে ভি এল ই ডব্লিউৰ ২৭০০ পদৰ ১৮০০ পদেই এতিয়া খালী হৈ আছে অতুল বৰাৰ কৃষি বিভাগত৷
আচনি ঘোষনাত পাকৈত মোদী চৰকাৰ৷কৃষকৰ বাবে ইতিমধ্যে বহু আচনি ঘোষনা কৰিছে মোদী চৰকাৰে৷কেন্দ্ৰীয় চৰকাৰৰ ওপৰিও অসম চৰকাৰেও ঘোষনা কৰিছে ইখনৰ পিছত সিখন কৃষি আচনি৷কিন্তু এই সমূহ আচনি ৰুপায়ন কৰিব এতিয়া কোনে?কোনো চলাব অতুল বৰাৰ কৃষি বিভাগৰ প্ৰশাসনিক কামকাজ?মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এক লাখ নিবনুৱাক গনি গনি চাকৰি দিম বুলি ঘোষনা আগবঢ়াইছে৷তাৰপিছতো কৃষি বিভাগত খালী হৈ থকা পদ পুৰণৰ তৎপৰতা নাই কিয় মন্ত্ৰী অতুল বৰাৰ৷অতুল বৰাৰ নেতৃত্বত ৰাজ্যৰ কৃষি বিভাগটো এনেদৰেই মৃত্যুমুখলৈ গতি কৰা নাইনে?জনাওক আপোনাৰো মন্তব্য৷

- Donation -

Leave A Reply

Your email address will not be published.