সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চমনৰ পিছতো আদালতত উপস্থিত নহল কিয় হিমন্ত বিশ্ব শর্মা?

আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷২৫ ফেব্ৰুৱাৰীত এক চমন জাৰি কৰি চিজিএম আদালত উপস্থিত থাকিবলৈ নিদের্শনা দিয়া হৈছিল হিমন্ত বিশ্ব শর্মাক৷কিন্তু শুক্ৰবাৰে আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷অতিৰিক্ত সময় বিচাৰি আদালতত আবেদন জনায় মুখ্যমন্ত্ৰীৰ অধিবক্তাই৷আদালতে পৰবর্তীৰ শুনানীৰ দিন ২১ মার্চত ধার্য কৰে৷উল্লেখনীয় যে,যে,২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী বিধি ভংগৰ অভিযোগত ৰুজু হৈছিল গোচৰ।নিৰ্বাচনী আয়োগৰ গোচৰত এই চমন জাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ।প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দিছিল এই সন্দৰ্ভত অভিযোগ।এই অভিযোগৰ ভিত্তিতেই আদালত প্ৰতিবেদন দিছিল নিৰ্বাচন আয়োগে।চিজিএম আদালতে চমন জাৰি কৰাৰ পিছত হিমন্ত বিশ্ব শর্মাই মোলৈ কিবা কিবি আহিয়েই থাকে বুলি মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ ওচৰত৷
অসম আৰক্ষীলৈ আৰক্ষীলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত জাৰি কৰা হৈছে জাননী।ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন পি আই এল।ৰাজ্যিক আৰু ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগলৈও জাননী ন্যায়ালয়ৰ।আটাইকেইটা পক্ষকে শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।এনকাউণ্টাৰসমূহ ভুৱা বুলি অভিযোগ কৰিছিল আবেদনকাৰীয়ে।ইয়াৰ পিছতেই চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল উচ্চ ন্যায়ালয়ে।তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হল দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি দিনৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদিশ মুখীয়ে উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতিক। ইয়াৰ পিছতে কামাখ্যা মন্দিৰলৈ যায় ৰাষ্ট্ৰপতিগৰাকী। ২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। ২৭ ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰাৰ কথা ৰাষ্ট্ৰপতিগৰাকীয়ে।
সর্বশিক্ষাৰ কার্যালয় ঘেৰাও নকৰে প্ৰাথমিক টেট শিক্ষকে৷২৮ ফেব্ৰুৱাৰী ঠিকাভিত্তিক টেট শিক্ষকৰ নিয়মীয়াকৰণৰ দাবীত সর্বশিক্ষাৰ কার্যালয় ঘেৰা কৰাৰ কথা ঘোষনা কৰিছিল সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে৷সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰে আলোচনাত ৯ মার্চত শিক্ষামন্ত্ৰীৰে আলোচনাৰ প্ৰতিশ্ৰুতিৰ পিছত এই সিদ্ধান্ত বাতিল কৰিছে টেট শিক্ষক সকলে৷
দ্য ক্ৰছকাৰেন্ট বুলেটিনত সংক্ষেপে লৈ আহিছো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কেইটামান বিশেষ খবৰ৷দ্বিতীদিনাও অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ঘোষনা কৰিছে যে প্ৰথম দিনাৰ আক্ৰমণতেই নিহত হৈছে ইউক্ৰেইনৰ ১৭৩ গৰাকী লোক৷আহত হৈছে প্ৰায় ৪০০ জনতা৷আনহাতে ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ ইউক্ৰেইনক বিশ্বই অকলশৰীয়াকৈ এৰি দিয়াৰ অভিযোগ আনিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে৷তাৰমাজতে আলোচনাৰ মাজেৰে বিবাদ নিষ্পত্তিৰ সম্ভাৱনা অস্বীকাৰ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভৰোভে এক সংবাদমেলত কয় যে ইউক্ৰেইনৰ আলোচনাৰ প্ৰস্তাৱ মানি ল’ব পৰা নাযায় ৷ আলোচনাৰ এটাই পথ এই মুহূৰ্তত খোলা আছে ৷ সেয়া হ’ল ইউক্ৰেইনৰ আত্মসমৰ্পন ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মিথ্যাচাৰৰো আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপণ কৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ৷আনফালে,ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা কেন্দ্ৰৰ৷এয়াৰ ইণ্ডিয়া বিমানেৰে কেইদিনমানৰ ভিতৰতে ওভতাই অনা হ’ব ভাৰতীয়ক৷ওভতনি যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰে৷প্রথমে ছাত্র-ছাত্রীসকলক অনাৰ পৰিকল্পনা কৰিছে কেন্দ্রই৷ৰোমানিয়া আৰু হাংগেৰী সীমান্তলৈ নিজে গাড়ীৰে আহিব লাগিব ভাৰতীয় গাড়ীত ডাঙৰকৈ ভাৰতৰ পতাকা আঁৰি ৰাখিবলৈ আহ্বান বিদেশ মন্ত্ৰালয়ৰ৷

- Donation -

Leave A Reply

Your email address will not be published.