সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গৰুৱে কিদৰে বিপদ মাতিছে যোগী আদিত্যনাথৰ ?

উত্তৰ প্ৰদেশত বিগত পাঁচ বছৰত চলিল যোগীৰাজ ৷ যোগীৰাজ মানেই হিন্দুত্ববাদৰ কঠোৰ অনুশীলন ৷ গো হত্যাৰ বিৰুদ্ধে শাসনলৈ অহাৰ পাছৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিন্দুত্ববাদী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ কেৱল ২০২০ চনতে যোগী আদিত্যনাথে গো মাংসৰ ব্যৱসায়ৰ লগত জড়িত ৭৬ জন লোকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ৷ যাক লৈ ন্যায়ালয়ে অসন্তুষ্টিও ব্যক্ত কৰিছে ৷ গো হত্যাত জড়িত ব্যক্তিক আনকি এনকাউন্টাৰো কৰা হৈছে উত্তৰ প্ৰদেশত ৷ কিন্তু গো ব্যৱসায়ৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি এতিয়া মূৰৰ কামোৰণিত পৰিণত হৈছে যোগী আদিত্যনাথৰ বাবে ৷ গৰাকীবিহীন গৰুৱে এতিয়া বিপদত পেলাইছে বিজেপিক ৷ গো ব্যৱসায়ত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবেই এইদৰে গৰাকীবিহীন পশুৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পাইছে ৷ পশুপালন বিভাগৰ মতে গৰাকীবিহীন পশুপালনৰ বাবে উত্তৰ প্ৰদেশত ৫৬১৯ টা গোশালা স্থাপন কৰা হৈছে ৷ য’ত আছে ৯ লাখ ৪ হাজাৰ পশুধন ৷ কিন্তু এয়াও পৰ্যাপ্ত হৈ থকা নাই ৷ যাৰ বাবে উত্তৰ প্ৰদেশৰ বাটে ঘাটে গৰাকীবিহীন পশু সুলভ হৈ পৰিছে ৷ গৰাকীবিহীন পশূৰ বাবেই বিপদত পৰিছে কৃষকসমাজ ৷ এই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে অসহায় গোবংশ সহযোগিতা অভিযানৰ আৰম্ভণি কৰিছিল ৷ এই আঁচনি অনুসৰি গৰাকীবিহীন পশু প্ৰতিপালন কৰা লোকক প্ৰতিদিনে ৩০ টকাকৈ আৰ্থিক সহায় দিয়াৰ কথা চৰকাৰে ৷ কিন্তু কোনেও এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ ইচ্ছ্যুক নহয় ৷ কাৰণ , ৩০ টকা এটা গৰু প্ৰতিপালনৰ বাবে তেনেই কম টকা ৷ যিহেতু এনে গৰু কোনো কামৰ বাবে উপযোগী নহয় ৷ তদুপৰি এই আঁচনিৰ ধনো সময়মতে লাভ নকৰে হিতাধিকাৰীয়ে ৷ যাৰ বাবে উত্তৰ প্ৰদেশত আঁচনিখন নিষ্ফল প্ৰমানিত হৈছে ৷ ইয়াৰে মাচুল ভৰিবলগীয়া হৈছে কৃষকসকলে ৷ যাৰ পৰিয়ালত অধিক সদস্য নাই , তেনে কৃষকে মাহিলি ২০ হাজাৰ পৰ্যন্ত ধন ব্যয় কৰি নিশা খেতিপথাৰত ৰখীয়া নিয়োগ কৰিবলগীয়া হৈছে ৷ সেইবাবেই গৰাকীবিহীন পশু হৈ পৰিছে উত্তৰ প্ৰদেশৰ অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু ৷ যিদৰে যোগীৰ কঠোৰ হিন্দুত্ববাদী নীতিয়ে গোপালক আৰু কৃষকসকলক বিপদত পেলাইছে , তাৰেই যেন নিৰ্বাচনত প্ৰতিদান দিবলগীয়া হ’ব যোগী আদিত্যনাথে ৷

- Donation -

Leave A Reply

Your email address will not be published.