সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোনে গুণ্ডাগিৰী,ময়মতালি চলাইছে অসমৰ শিক্ষাখণ্ডত?

গুণ্ডাগিৰী চলিছে শিক্ষা বিভাগত।ময়মতালি,মহাজনীৰাজ,ফাঁকিফুঁকা,টকাৰ লিলিমাই চলিছে অসমৰ শিক্ষা বিভাগত।
উচ্চ শিক্ষা বিভাগৰ এখন গাইডলাইন।কলেজ শিক্ষক নিযুক্তি সম্পৰ্কীয় এই গাইডলাইনখনে এতিয়া হাহাকাৰ লগাইছে সকলোফালৰ পৰাই যোগ্যতাসম্পন্ন ৰাজ্যৰ চাকৰি প্ৰত্যাশী শিক্ষিত নিবনুৱা সকলৰ মাজত।আমি ইয়াৰ পূৰ্বে দুটা প্ৰতিবেদনত এই গাইডলাইনত উল্লেখ থকা নম্বৰৰ বিভাজন আৰু কেইবাটাও নীতি নিৰ্দেশনাক লৈ শিক্ষাৰ্থী সকলৰ ক্ষোভ সম্পৰ্কে বিস্তৃত ভাবে আপোনালোকক দেখুৱাইছিলোঁ।ইয়াৰ পাছতে এই বিষয়টোক লৈ এতিয়া সামাজিক মাধ্যমত সৰৱ চৰ্চা চলিছে।চাওঁ আহক সুদক্ষনা গগৈ নামৰ এগৰাকী শিক্ষাৰ্থীয়ে মনৰ ক্ষোভ ব্যক্তি কৰি কি লিখিছে সামাজিক মাধ্যম ফেচবুকত।
এক,২০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত কলেজ শিক্ষকৰ আবেদন পত্ৰৰ মাচুল। দহখনত কৰিলে লাগিব বিশৰ পৰা ত্ৰিশ হাজাৰ। অহা-যোৱাৰ খৰচ ধৰিলে মুঠ পঞ্চলিছৰ পৰা পঞ্চাছ।চাব্বাছ।
দুই,গোটেই কামটোত কলেজবোৰক লাগে আকৌ ডিমাণ্ড ড্ৰাফ্ট। পঠিয়াব লাগে ডাকযোগে।সময় :বিজ্ঞাপন প্ৰকাশ হোৱা তাৰিখটোৰ পৰা ১৫ দিন। গতিকে, বগলীৰ নিচিনাকৈ বাতৰি কাকত লৈ বহি থাকক আৰু প্ৰতিদিনে দৌৰি থাকক। আপুনি নিবনুৱা। আপোনাৰতো বেলেগ কাম নাই।
তিনি,UGC য়ে ২০১০ ৰ গাইডলাইন খন আঁতৰাই ২০১৮ ত এখন নতুন গাইডলাইন আনিলে। স্পষ্টকৈ ২০১০ৰ খনৰ ঠাইত ২০১৮ৰ খন replace কৰা বুলি লিখিলে। আৰু আমাৰ মান্যবৰসকলে আৰামত ১২ বছৰলৈ উভটি গৈ ২০১০ৰ গাইডলাইনৰ আধাৰত এখন বনালে। শিক্ষা বিভাগটো পৈতৃক সম্পত্তি আপোনালোকৰ?
চাৰি, হিমন্ত বিশ্ব শিক্ষামন্ত্রী হৈ থকা কেইটাবছৰ হল চাওক। আৰু এই সময়খিনিত গাইডলাইন সলালে কেইখন চাওক। ইমান অস্থিৰ, অনিশ্চিত, পজেচিভ চৰিত্ৰৰ গাইডলাইন যে বাৰে বাৰে দি আছে, ইখনৰ লগত সিখনৰ আগৰ পৰা গুৰিলৈ অলপো সম্পর্কও নাই, এই কাণ্ডটো কি মহাজন আৰু আধিয়াৰৰ কাহিনী ?
পাঁচ,পেপাৰ লাগে আঠখন। মুঠ নম্বৰ পাঁচ। দুখন স্ক’পাছ জাৰ্ণলত লাগে। তাত এখনত ১ নম্বৰকৈ। বাপৰে। কাৰবাৰ বিৰাট জাকজমক। স্ক’পাছ বোলা বস্তুটো মেলি চাওক। থৰ কাছুটি হেৰুৱাই দৌৰিব লগা অৱস্থা। আমি সাহিত্যৰ ছাত্ৰবোৰে ক’ৰ স্ক’পাছ জাৰ্ণলত দিওঁ এতিয়া? তালিকাত আছে চেজ পাব্লিকেছনৰ জাৰ্ণেল। কাৰ আছে চেজ জাৰ্ণেলত লেখা?? গোটেইখন ফাঁকা-ফাঁকিৰ খেল এতিয়া। স্ক’পাছৰ বাবদ সাহিত্যৰ ছাত্ৰই ইঞ্জিনিয়াৰিঙৰ জাৰ্ণেলত উলিয়াই আছে। পইচা দিব লাগে এটাৰ বাবদ ১৫ ৰ পৰা ২৫ হাজাৰ। উপাই নাই। জাৰ্ণেল নাই। ৰূপকথা বুলি এখন আছিল। এতিয়া UGC ৰ একাউণ্টত গৈ চাওক সেইখনো নাই। মুঠতে কলেজ শিক্ষকৰ ইণ্টাৰভিউ এটা ফাঁকি আৰু আভুৱাৰ প্ৰদৰ্শন। সকলোৱে জানে কথাটো, মাত্ৰ বালিত মুখ গুজি গা টো উলিয়াই থৈছে সকলোৱে।
ছয়,মানুহবোৰে কান্দি থাকে। কান্দিয়েই থাকক। ক’ব লগা একো নাই। যুঁজিবলৈ নাই। মোৰ পি এইচ ডি হোৱা নাই এতিয়াও। ২০১৮ ৰ গাইডলাইন আহিলে মোৰ একো লাভ নহয় । বৰঞ্চ এইখনেই এই মুহূর্তত ব্যক্তিগতভাৱে মোৰ বাবে সুবিধাজনক। মই এপ্লাইও কৰা নাই আগতে। মোৰ পইচাও আগতে খৰচ হোৱা নাই সেইবাবে। কিন্তু, মোৰ এই মইমতালিবোৰ সহ্য নহয়। ফাঁকা-ফাঁকিবোৰো। পি এইচ ডি কৰে কিয়? কাপোৰ চিলাই কৰি খাবলে তাৰ কি প্ৰয়োজন এই তৃতীয় বিশ্বত? জ্ঞান চৰ্চাৰ এনে হুতাহৰ সময় অহা নাই এথোন। একাডেমিকছত থাকিবলৈকেতো ব্যৱস্থাটো কৰি থোৱা হৈছে। তাৰপিছতো এই দেখ দেখ অন্যায় আৰু গুণ্ডামি তেওঁলোকৰ প্ৰতি।
মিছাতে ব্যক্তিগত কন্দাকন্দিবোৰেৰে একো নহয়। ইমানবোৰ পইচা খৰচ কৰি চাকৰি লোৱা –যোগ্যতা বোলা বস্তুটোৰ এয়াই আধাৰ নে? গোটেই ব্যবস্থাটোত দেখোন পইচাৰ সক্ষমতা এটা ডাঙৰ ফেক্টৰ কৰি দিছে। পইচা নথকা ল’ৰা-ছোৱালীখিনিয়ে কি কৰিব? ধাৰ ল’ব? পেপাৰ উলিয়াবলৈ, আবেদন কৰিবলৈ, ইণ্টাৰভিউত বহিবলৈ।
অসহ্য লগাত মাত এটা মাতিলোঁ। এইটো দেখ দেখ গুণ্ডাগিৰী। যিসকলে যুঁজিছে মই তেওঁলোকৰ লগত আছোঁ। সন্মতি দিছোঁ। চাকৰি পালে পাম নাপালে নাই বুলি ময়ো নাভাবোঁ। মই একাডেমিকছত থাকিম বুলিয়ে জীৱনৰ সময় আৰু শ্ৰম দিছোঁ। গতিকে,মই হতি অহাত নাই। কিন্তু এই মুহূর্তত মই যুঁজকৰাসকলৰ লগতেই আছোঁ। এই পইচাৰ লিলিমাই বন্ধ হ’ব লাগে আৰু ২০১৮ৰ গাইডলাইন লাগে, যিটো প্ৰকৃততে ন্যায়সংগত।

আন এগৰাকী শিক্ষাৰ্থী ভাস্বতী দাসে কি লিখিছে এই সম্পৰ্কত চাওঁ আহক।
যিমান সহজ ভাবিছিলো কথাবোৰ সিমান সহজ নহয়। চাকৰি পাবলৈও হাতত টকা থাকিব লাগিব। একোখন কলেজত এপ্লাই কৰোঁতে ১৫০০-২৫০০ টকালৈ চালান কাটক(কিছুমান কলেজে ৪০০০টকা পৰ্যন্ত লোৱাৰ উদাহৰণ আছে)। তাৰ পিছত জেৰক্স,প’ষ্ট/ডিটিডিচি আৰু অন্যান্য মিলাই আকৌ ৫০০ মান যাব। নিকটৱৰ্তী কলেজ হ’লে যেনতেন,যদি দূৰৈত এপ্লাই কৰিলে পৰিবহণ-থকা-খোৱা মিলাই ৫ ৬ হাজাৰ এটা এক্সট্ৰা। অৰ্থাৎ ওচৰৰ হ’লে একোখন কলেজৰ এপ্লাইৰ পৰা ইন্টাৰভিউলৈ প্ৰায় ৩০০০ টকা আৰু দূৰৈৰ হ’লে প্ৰায় ৭-৮০০০টকা। আপুনি যদি চাকৰিৰ খাতিৰত ১০ খন কলেজতো এপ্লাই কৰে তেন্তে দহখন কলেজৰ বাবদ খৰচ কৰিবলৈ আপোনাৰ হাতত কিমান টকা থাকিব লাগিল?(একদম মেধাৱীখিনিক বাদ দি মোৰ দৰে বহুতে ৮-১০ টা ইন্টাৰভিউ দিহে চাকৰি পায়) তাৰ পিছত হ‌ওক প’ষ্টৰ খেলিমেলি,UR ত এপ্লাই কৰি দুদিন পিছত এডভাৰটাইজ দেখিব সেইটো ৰিজাৰ্ভদ,কিন্তু প‌ইছা ঘূৰাব নাপাব। আকৌ কিছুমানত ‘কেনেকৈ জানো স্কিপ হ’ল’ বুলি আপোনাক ইন্টাৰভিউৰ খবৰ নিদিব। তাৰ পিছত আহিব NOC। ইতিমধ্যে চাকৰি কৰি থকাসকলে পছন্দৰ কলেজত আকৌ ইন্টাৰভিউ দিব আহিব,অৰ্থাৎ আপুনি তাত নোপোৱাৰ সম্ভাৱনা ৯০%। এতিয়া আকৌ সেই প্ৰাৰ্থীগৰাকীয়ে এৰি দিয়া কলেজে ইন্টাৰভিউ পাতিব,আকৌ আপুনি দৌৰক একেখন কলেজৰ বাবে দুবাৰ দুবাৰ। কিন্তু আমি দৌৰিব বাধ্য,নিজৰ বাবে,ঘৰখনৰ বাবে। প‌ইছা নাথাকিলে ধাৰ কৰি হ’লেও আমি দৌৰিব লাগিব বছৰ বছৰ।

- Donation -

Leave A Reply

Your email address will not be published.