সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৃষক হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কিয় জামিন পালে ?

উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮ টা সমষ্টিত ৫৩ টাতেই আছে বিজেপি বিধায়ক ৷ কিন্তু পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট এইবাৰ সুকীয়া ৷ মূলত: তিনিটা কাৰণত পশ্চিম উত্তৰ প্ৰদেশত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ কৃষক আন্দোলন , লখিমপুৰ খেৰীৰ ঘটনা আৰু অঞ্চলটোৰ মুছলমান জনসংখ্যা ৷ কৃষক আন্দোলনৰ ফলত বিজেপিৰ মূল ভোটবেংক হিচাপে বিবেচিত হৈ অহা জাট সম্প্ৰদায় বিজেপিৰ ওপৰত ক্ষোভিত , বিভাজিত মুছলমান সমাজ এইবাৰ বিজেপিৰ বিৰুদ্ধে একত্ৰিত আৰু তাৰ লগতে আছে লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ ঘটনা ৷ কিন্তু ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ দিনটোতে ওলাই পৰিল বিজেপি চৰকাৰৰ কৃষক বিৰোধী আন এক ষড়যন্ত্ৰ ৷ কৃষক হত্যাৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই ভোটগ্ৰহন অনুষ্ঠিত হৈ থকাৰ দিনটোতে লাভ কৰিলে জামিন ৷ যাৰ বাবে আকৌ এবাৰ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশৰ ৰাজনীতি৷  যেন ভোটগ্ৰহণ অনুষ্ঠিত হোৱালৈহে বাট চাই থকা হৈছিল ৷ ভোটগ্ৰহণ আধা সমাপ্ত হোৱাৰ লগে লগে জামিন লাভ কৰিলে কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলোৱা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই ৷ ঘটনাটো ঘটিছিল ২০২১ চনৰ ৩ অক্টোবৰত ৷ সিদিনা উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰী অঞ্চলত কৃষকসকলে তিনি ক’লা কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইও সিদিনা লখিমপুৰত এক আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ লগত আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ ৷ আধাৰশিলা স্থাপন কৰি ওভতাৰ পথত কৃষক আন্দোলনৰ বাবে তেও যাত্ৰাপথত ব্যাঘাত জন্মে ৷ তাৰ পাছত দুপৰীয়া এখন এছ ইউ ভি বাহনত সেই পথত প্ৰৱেশ ঘটে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ ৷ এই ঘটনাত চাৰিজনকৈ কৃষকসহ মুঠ ৮ জন লোকৰ মৃত্যু হয় ৷ প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰক ৰক্ষণাবেক্ষন দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু পাছত ন্যায়ালয়ৰ নীৰিক্ষণত গঠন হোৱা এছ আই টিয়ে কৃষক হত্যাৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰক মূল অভিযুক্ত হিচাপে চিহ্ণিত কৰে ৷ এছ আই টিয়ে লখিমপুৰ খেৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰে যে এই ঘটনা পূৰ্বপৰিকল্পিত আছিল ৷ সুপৰিকল্পিভাৱে তেও কৃষকৰ গাৰ ওপৰেৰ গাড়ী চলাইছিল ৷ যাৰ বাবে কেবাজনো লোকৰ মৃত্যু হয় ৷ চাৰিজন কৃষকক হত্যা কৰা গাড়ীখন আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ ৷ গাড়ীত আছিল তেওৰ পুত্ৰ আশীষ মিশ্ৰ ৷ এছ আই টিয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ , ৩২৬ ধাৰা আৰু আৰ্মছ এক্টৰ অধীনত গোচৰ ৰুজু কৰিবলৈ পৰামৰ্শ দিয়ে ৷মন্ত্ৰী পুত্ৰৰ এই কু কীৰ্তিৰ পাছত সৰ্বত্ৰ উত্থাপণ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবী ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত তেও সন্মানীয় স্থানেই লাভ কৰি থাকিলে ৷ মন্ত্ৰী পুত্ৰ ইমানদিনে কাৰাগাৰত বন্দী হৈ আছিল ৷ যেন ১০ ফেব্ৰুৱাৰীৰ দিনটোলৈহে বাট চাই থকা হৈছিল ৷ কাৰণ আজি ভোটগ্ৰহণ হোৱা উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলতে মূলত: কৃষক আন্দোলনৰ প্ৰভাৱ আছে ৷ সেই অঞ্চলত ভোটগ্ৰহণ সামৰণিৰ দিশে আগবঢ়াৰ সময়তে পৰিকল্পিত হত্যাৰ অভিযোগত বন্দী হৈ থকা মন্ত্ৰী পুত্ৰই জামিন লাভ কৰিলে ৷ জামিন আবেদনৰ শুনানিৰ সময়ত কোৱা হ’ল যে আশীষ মিশ্ৰৰ নিৰ্দেশতে গাড়ীখনৰ চালকে কৃষকক খুন্দিওৱাৰ কোনো প্ৰমান নাই ৷ এনেকৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিল কৃষক হত্যাত অভিযুক্ত মন্ত্ৰী পুত্ৰ ৷ এই ঘটনাই এতিয়া আকৌ এবাৰ উত্তাল কৰিছে উত্তৰ প্ৰদেশৰ ৰাজনীতি ৷ ইয়াৰ প্ৰভাৱ নিৰ্বাচনত কেনেদৰে পৰে সেয়া নিশ্চয় লক্ষ্যনীয় বিষয় হ’ব ৷

- Donation -

Leave A Reply

Your email address will not be published.