সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এলআইচিও হ’ব নেকি ব্যক্তিগত খণ্ডৰ কোম্পেনী?

কোন মালিক হ’ব এল আই চিৰ?
দেশৰ এক বহুত ডাঙৰ কোম্পেনী খবৰৰ শিৰোনামাত৷ কিমান ডা্ঙৰ এই কোম্পেনী? দেশৰ ব্যক্তিগত খণ্ডৰ আটাইতকৈ ডা্ঙৰ কোম্পেনী ৰিলায়েন্স ইণ্ড্ৰাষ্টিজতকৈ তিনিগুণ মুল্যৰ এই কোম্পেনী৷ দেশৰ ৫ জন মানুহৰ এজন এই কোম্পেনীৰ গ্ৰাহক৷হয়, আপুনি ভবাৰ দৰে আমি কৈছো “জিন্দেগী কি চাথ ভী, জিন্দেগী কি বাদ ভী” এল আই চিৰ কথা৷এল আই চি৷ লাইফ ইন্সুৰেন্স ক’ৰপৰেশ্যন অফ ইণ্ডিয়া৷ ভাৰতীয় জীৱন বীমা নিগম- আজি খবৰৰ শিৰোনামাত৷ কাৰণ বহু জল্পনা-কল্পনাৰ অন্তত আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট ভাষণত এলআইচিৰ আই পি অ’ৰ ঘোষণা কৰে৷কি হ’ব এল আই চিৰ আই পি অ’ ঘোষণাৰ ফলত? আই পি অ’ৰ জৰিয়তে বিক্ৰী কৰা হ’ব ৬২ বছৰীয়া পুৰণি দেশৰ আটাইতকৈ ডাঙৰ ইন্সুৰেন্স কোম্পেনীটোৰ অংশীদাৰীত্ব৷ এলআইচিত আজিৰ তাৰিখত আছে ভাৰত চৰকাৰৰ ১০০ শতাংশ অংশীদাৰীত্ব৷ অৰ্থাৎ ৰাজহুৱা খণ্ডৰ এলআইচি- নিৰ্বিয়োজনৰ ফলত হবগৈ পাৰে এক ব্যক্তিগত খণ্ডৰ কোম্পেনী৷
এল আই চিৰ আইপিঅ’ৰ কি প্ৰভাৱ পৰিব এলআইচিৰ গ্ৰাহকৰ ওপৰত? এই বিষয়ে আলোচনা কৰিম৷ কিন্ত তাৰ পূৰ্বে আলোচনা কৰো আহক-কিয় চৰকাৰে এলআইচিৰ অংশীদাৰীত্ব বিক্ৰীৰ সিদ্ধান্ত ললে? চৰকাৰে মূলত: দুটা কাৰণত চৰকাৰী বা ৰাজহুৱা কোম্পেনী বিক্ৰী বা কোম্পেনীটোৰ অংশীদাৰীত্ব বিক্ৰী কৰে৷ প্ৰথম কাৰণ- চৰকাৰে ভূল পৰিচালনা নীতিৰে এটা ৰাজহূৱা খণ্ডৰ কোম্পেনীক লোকচানৰ মুখলৈ ঠেলি দিয়ে আৰু লোকচান হোৱা বুলি কোম্পেনীটো বিক্ৰী কৰি দিয়ে৷যাৰ শেহতীয়া উদাহৰণ এয়াৰ ইণ্ডিয়া৷ দ্বিতীয় কাৰণ- যেতিয়া চৰকাৰৰ হাতত চৰকাৰী আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাথাকিলে বিক্ৰী কৰি দিয়ে চৰকাৰী কোম্পেনীৰ অংশীদাৰীত্ব৷
এতিয়া আমি এল আই চিৰ কথালৈ আহো৷ ২৪ জানুৱাৰীত এল আই চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত এলআইচিৰ লাভ হৈছে ১,৪৩৭ কোটি টকা৷ অৰ্থাৎ লোকচান হোৱা বাবে এল আই চিৰ অংশীদাৰীত্ব বিক্ৰী কৰিবলৈ লোৱা হোৱা নাই৷ তেন্তে? দ্বিতীয়টো কাৰণ-কেন্দ্ৰৰ মোদী চৰকাৰৰ হাতত চৰকাৰী আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাই বাবেই বি্কী কৰিবলৈ লোৱা হৈছে এলআইচিৰ অংশীদাৰীত্ব৷
২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাজহুৱা খণ্ডৰ কোম্পেনীৰ ডিচিনভেস্টমেন্ট অৰ্থাৎ নিৰ্বিনিয়োজনৰ জৰিয়তে ১লাখ ৭৫ হাজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য ঘোষণা কৰিছিল৷এয়াৰ ইণ্ডিয়াক টাটাক বিক্ৰী কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিব পাৰিছে কেৱল ১২,০২৯ কোটি টকা৷ উল্লেখযোগ্য যে টাটাই এয়াৰ ইণ্ডিয়াৰ ১৫,৩০০ কোটি টকাৰ ধাৰ পৰিশোধ কৰিব আৰু চৰকাৰক নগদ ২,৭০০ কোটি টকা দিব৷এতিয়া মোদী চৰকাৰে এলআইচিৰ অংশীদাৰীত্ব বিক্ৰীৰে ১লাখ ৭৫ হাজাৰ কোটি টকা সংগ্ৰহৰ এটা অংশ পূৰাব বিচাৰিছে৷
এলআইচিৰ আইপিঅ’ বিক্ৰী কৰিলেই এলআইচি হ’ব নেকি ব্যক্তিগত খণ্ডৰ কোম্পেনী? চৰকাৰে এতিয়ালৈকে এলআইচিৰ কিমান শতাংশ শ্বেয়াৰ বিক্ৰী কৰিব-সেইয়া ঘোষণা কৰা নাই৷ প্ৰকাশিত খবৰ অনুসৰি এলআইচিৰ মুল্য নির্দ্ধাৰিত হৈছে ১৫ লাখ কোটি টকা৷ইয়াৰে ১০ৰ পৰা ২৫ শতাংশ শ্বেয়াৰ বিক্ৰী হোৱাৰ সম্ভাৱনা বুলিও খবৰ প্ৰকাশ পাইছে৷ ১০ শতাংশ শ্বেয়াৰ বিক্ৰী কৰিলেও চৰকাৰৰ হাতলৈ আহিব ১ লাখ ৫০ হাজাৰ কোটি টকা৷১০-২৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰিলে এল আই চি ব্যক্তিগত খণ্ডৰ কোম্পেনী হৈ নাযায়৷ ই এক ৰাজহুৱা খণ্ডৰ কোম্পেনীয়ে হৈ থাকিব৷কিন্ত এডেও দুডেও লুটা নিয়াৰ ছেও৷ৰাজহুৱা খণ্ডৰ কোম্পনীৰ অংশীদাৰীত্ব বিক্ৰীৰে দেশ চলোৱাৰ যি ধুম উঠিছে-এলআইচিও এটা সময়ত হবগৈ পাৰে ব্যক্তিগত খণ্ডৰ কোম্পেনী৷
এল আই চিৰ অংশীদাৰীত্ব বিক্ৰী হ’ব৷কিন্তু এল আই চিৰ আইপিঅ’ৰ কি প্ৰভাৱ পৰিব এলআইচিৰ পলিচীৰ গ্ৰাহকৰ ওপৰত? এতিয়ালৈকে এলআইচিৰ বেছিভাগ পলিচীয়ে নন ইউনিট লিংক অৰ্থাৎ শ্বেয়াৰ বজাৰৰ উথান-পতনৰ লগত সম্পর্ক নাই এই পলিচী সমূহৰ৷ বহতেই আশা কৰিছে শ্বেয়াৰ বজাৰত লিষ্টিং হোৱাৰ পিছত এলআইচিৰ কাম-কাজত আৰু বেছি পাৰদৰ্শিতা আহিব৷যদি এলআইচিয়ে উন্নত প্ৰৰ্দশন কৰে তেন্তে তাৰ লাভ পাব পলিচীৰ গ্ৰাহকে আৰু যদি শ্বেয়াৰ বজাৰত পতন ঘটে, তাৰ ফলো ভূগিব গ্ৰাহকে৷

- Donation -

Leave A Reply

Your email address will not be published.