সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৰবিন্দ কেজৰিৱালে কিয় ক’লে – মই সন্ত্ৰাসবাদী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে – মোক গ্ৰেপ্তাৰ কৰক ৷ এইবাৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে সৰ্বশক্তিৰে নামি পৰিছে পঞ্জাৱ দখল কৰিবলৈ ৷ কেইদিনমান পাছতে অনুষ্ঠিত হ’ব পঞ্জাৱৰ ভোটগ্ৰহণ ৷ কিন্তু তাৰ পূৰ্বে কেজৰিৱালে কৈছে – মোক গ্ৰেপ্তাৰ কৰক ৷কিয় অৰবিন্দ কেজৰিৱালে তেওক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ,

বৃহস্পতিবাৰে কুমাৰ বিশ্বাসে এই মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত ৷ তাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজকে গ্ৰেপ্তাৰৰ বাবে আহ্বান জনাইছে ৷ পঞ্জাৱ নিৰ্বাচনৰ ঠিক পূৰ্বে কেজৰিৱালে এই দাবী কৰিবলগীয়া হোৱাৰ এটা বিশেষ কাৰণ আছে ৷ কিন্তু তাৰ পূৰ্বে আপুনি জানি ল’ব লাগিব পঞ্জাৱৰ ৰাজনীতি সম্পৰ্কীয় কিছু অন্য কথা ৷
পঞ্জাৱত এইবাৰ মূল প্ৰতিদ্বন্দিতা হ’ব কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত ৷ কিন্তু পঞ্জাৱ কংগ্ৰেছ এতিয়া পোনপটীয়াকৈ কেবাটাও ভাগত বিভক্ত ৷ দলীয় বিদ্ৰোহৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক অপসাৰণ কৰিলে কংগ্ৰেছ হাইকামাণ্ডে ৷ তেওৰ স্থানত মুখ্যমন্ত্ৰী হ’ব বুলি আশা পালি আছিল নৱোজিৎ সিঙ সিদ্ধুয়ে ৷ কিন্তু সেয়া নহ’ল ৷ পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হ’ল চৰণজিৎ সিঙ ছানী ৷ এইবাৰো তেও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷সিদ্ধু স্বাভাৱিকতে অসন্তুষ্ট ৷ ইয়াৰ বিপৰীতে পূৰ্বৰ সকলো বাদ বিসম্বাদ সামৰি আম আদমি পাৰ্টী নতুন ৰূপত সাজু হৈছে নিৰ্বাচনলৈ ৷ ভগৱন্ত মান আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷
পঞ্জাৱ সন্দৰ্ভত সকলোৱে ভাবি থকা এটা কথা হৈছে যে পঞ্জাৱ এখন শিখ প্ৰধান ৰাজ্য ৷ কিন্তু এইখন ৰাজ্যত ৫০ শতাংশতকৈও অধিক হিন্দু ভোটাৰো আছে ৷ বিগত নিৰ্বাচনত আম অদমি পাৰ্টীয়ে শক্তিশালী সংগঠন গঢ়ি তোলাৰ পাছতো ক্ষমতাৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল হিন্দু ভোটাৰৰ সমৰ্থন নোপোৱা বাবে ৷ সেই সময়ত পঞ্জাৱত এটা কথা বৰকৈ চৰ্চা হৈছিল যে এন আৰ আই বহু শিখে আপৰ হৈ নিৰ্বাচনত প্ৰচাৰ চলাইছে ৷ তেওলোক খালিস্তানৰ সমৰ্থক ৷ যাৰ বাবে হিন্দু ভোটাৰ সকলে একপক্ষীয়ভাৱে সমৰ্থন দিছিল কংগ্ৰেছক ৷ এইবাৰ কংগ্ৰেছ দুৰ্বল স্থিতিত ৷ যাৰ বাবে আম আদমি পাৰ্টীৰ সন্মুখত আহি পৰিছে এক সুবৰ্ণ সুযোগ ৷ কিন্তু কেজৰিৱালৰ আশাত চেচা পানী ঢালিবলৈ আগবাঢ়ি আহিল তেওৰেই একালৰ সতীৰ্থ কুমাৰ বিশ্বাস ৷ নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত কুমাৰ বিশ্বাসে অভিযোগ আনিলে যে ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত অৰবিন্দ কেজৰিৱালে কৈছিল যে তেও স্বাধীন খালিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ’ব ৷ কুমাৰ বিশ্বাসৰ এই বক্তব্যই বিপদ চপাই আনিলে আম আদমি পাৰ্টীৰ বাবে ৷ আকৌ ২০১৭ ৰ পৰিস্থিতিৰ পুণৰাবৃত্তি হোৱাৰ আশংকা সৃষ্টি হ’ল ৷ অৱশেষত মুখ খুলিলে অৰবিন্দ কেজৰিৱালে ৷ তেও কুমাৰ বিশ্বাসৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে যে যদিহে দেশক দুভাগ কৰাৰ ষড়যন্ত্ৰ সঁচা হয় , তেনেহ’লে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে কি কৰি আছে ৷ কেন্দ্ৰীয় সংস্থাসমূহে এতিয়াও কিয় তেওক গ্ৰেপ্তাৰ কৰা নাই বুলিও কেজৰিৱালে প্ৰশ্ন কৰে ৷ কংগ্ৰেছ শাসনত থাকোতেও কিয় তদন্ত নকৰিলে বুলি কেজৰিৱালে প্ৰশ্ন কৰি কয় যে তেও বিশ্বৰ একমাত্ৰ সন্ত্ৰাসবাদী হ’ব যিয়ে হাস্পতাল আৰু বিদ্যালয় ঠিক কৰে ৷ কুমাৰ বিশ্বাসৰ বক্তব্য হাস্যকৰ বুলিও অৰবিন্দ কেজৰিৱালে অভিহিত কৰে ৷

- Donation -

Leave A Reply

Your email address will not be published.