‘নুমলী’য়ে কি পালে অসমীয়াৰ পৰা?

5ccabbdc6c59652019419.jpg

ৰাজনীতি আৰু সমকালীন জীৱনৰ হাহাকাৰৰ যেতিয়া অৱসান ঘটিব ,তেতিয়া দেখা যাব গীতাৰ এটা শ্লোকৰ দৰে অথবা কীৰ্তনৰ এটা পদৰ দৰে জাতীয় জীৱনৰ পটভূমিত লিখা কিতাপকেইখনহে অৱশেষত বাছি থাকিবগৈ৷

নুমলীয়ে কি পালে অসমীয়াৰ পৰা?

এজন দুজন নহয়, লাখ ৯৭ হাজাৰ পাকিস্তানীক অসমৰ পৰা উলিয়াই পঠাইছিল তেওঁ৷ তেওঁক কি দিলে অসম আৰু অসমীয়াই?

জন বিদেশী বহিষ্কাৰ কৰা সৰ্বানন্দ সোনোৱালক অসমীয়াই সন্মান যাচিছিল জাতীয় নায়কৰ৷

ইয়াৰ বিপৰীতে লাখ ৯৭ হাজাৰ বিদেশী বহিষ্কাৰ কৰা অসমীয়া গৰাকীৰ বিষয়ে কি ভাবে অসমীয়াই?

বছৰটোত এবাৰো তেওঁৰ কথা মনত পেলাইনে সদৌ অসম ছা্ত্ৰ সন্থাই, বিদেশী বহিষ্কাৰৰ ৰাজনীতিৰে ক্ষমতা দখল কৰা অগপই?

তেওঁৰ এই যাত্ৰা সুষম নাছিল৷ বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈ নিজ দলতেই বিসম্বাদৰ সন্মুখীন হৈছিল তেওঁ৷তেওঁৰ বিৰোধীতা কৰিছিল স্বনামধন্য ফকৰুদ্দিন আলী আহমেদ,সংখ্যালঘু নেতা মইনুল হক চৌধুৰী ইত্যাদিয়ে৷

কংগ্ৰেছ হাইকামাণ্ডৰো সন্মতি নাছিল তেওঁৰ এই কঠোৰ পদক্ষেপত৷ তেওঁৰ এই কামক সমৰ্থন জনাবলৈকে অসমত তেতিয়া নাছিল কুৰিৰ ঘৰতো জাতীয় সংগঠন৷ সংবাদমাধ্যমে প্ৰশংসাৰে ওপচাই দিয়া নাছিল তেওঁক৷ তাৰ পিছতো জাতিৰ হকে ,ৰাজ্যৰ হকে কোনো আপোচত ৰাজী নাছিল তেওঁ৷

২০১২ চনৰ ২৬ মাৰ্চত তেওঁৰ জন্ম শতবাৰ্ষিকী পাৰ ল৷ অসমীয়া জাতিৰ গা মূৰ নলৰিল৷ নাইতো নাই ,তেওঁৰ পূৰ্ণাংগ জীৱন চৰিত এখনৰো অভাৱ আজিৰ দিনলৈকে৷

বিদেশী সম্পৰ্কীয় কঠোৰ স্হিতিৰ বাবে খোদ হেম বৰুৱাইও বিৰোধীতা কৰিছিল তেওঁৰ৷তাৰ পিছতো তেওঁ কামত যতি পৰিবলৈ দিয়া নাছিল৷ তেওঁৰ এই স্থিতিৰ বাবেই ১৯৬৭ নিৰ্বাচনত মুছলমান প্ৰধান সমষ্টিসমূহত কংগ্ৰেছ প্ৰাৰ্থী শোচনীয়ভাৱে পৰাজিত হৈছিল৷

আলি বেল্ট ভোটৰ স্বাৰ্থতেই তাৰ পিছৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিছিল সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি৷অসমৰ জাতীয়তাবাদী শক্তিৰ পৰা দূৰলৈ গৈ আছিল কংগ্ৰেছ আৰু সেই স্থান পূৰাবলৈ আহিছিল এচাম নতুন জাতীয়তাবাদী নেতা৷ সেয়া এক বেলেগ অধ্যায়৷

এইগৰাকী স্বাভিমানী অসমীয়া আছিল বিমলাপ্ৰসাদ চলিহা৷ ১৯৫৭ পৰা ১৯৭০ লৈকে তেৰ বছৰ ধৰি অসমৰ প্ৰবলপ্ৰতাপী মুখ্যমন্ত্ৰী৷ বিমলাপ্ৰসাদে সংবেদনশীলতাৰে কৈছিল,

অসমত যে অসমীয়াই ৰাজ্যভাষা হব সেইটো ধুৰূপ৷ পিছে এই দাবী অসমৰ সংখ্যালঘুৰ পৰা আহিলেহে ভাল৷

এইগৰাকী স্বাভিমানী অসমীয়াৰ কাৰ্যকালতে অসমৰ ৰাজ্যভাষা হৈছিল অসমীয়া৷ ১৯৫৮ চনত অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠাও তেৱেঁই কৰিছিল৷

পৰিচিত মহলতনুমলীবুলি পৰিচিত বিমলা প্ৰসাদ চলিহাৰ দৰে লোক অসমীয়া জাতিয়ে ভৱিষ্যতে পাবনে?