বৰনদী ভটিয়ায়............ মাজুলীয়ে পালে নতুন পৰিচয়

5cd29a382659d520193Bornodi.jpg

বৰনদী ভটিয়ায়

মাজুলীয়ে পালে নতুন পৰিচয়

                                                                                           অম্লানজ্যোতি দেউৰী  

মাজুলীলৈ উপৰ্যুপৰি বছৰি তিনি- চাৰিটা বানপানী আহে ৷ সম্পদ মাজুলীৰ কৃষ্টি-সংস্কৃতি পাহৰি বানপানীক লৈ সকলো ব্যস্ত হৈ পৰে সেইখিনি সময়ত ৷ বান নেৰে ৷ ঠিক লুইতৰ পানীলগা অসুখৰ নিচিনা ৷ পানী বাঢ়ি আহে লুইতৰ নাকেৰে ৷ অসুখৰ সমাধান বিচাৰি ডক্টৰ, কবিৰাজ, হোমিঅ'পেথি, এল'পেথি, আনকি শেষত ব্ৰহ্মপুত্ৰ বাবাৰো ওচৰ চাপে লুইত ৷ ঠিক বানপানীৰ সমস্যাৰ সমাধান বিচৰাৰ দৰে ৷ মথাউৰি, টেকন''জি আনকি বহু পূজা পাৰ্বণৰ শেষতো বানপানীৰ সমাধান ডাঙৰ প্ৰশ্নবোধক এটা হৈ ৰয় ৷

            খহিব ধৰা মাজুলীক ব্ৰহ্মপুত্ৰই নিজৰে অংশ বুলি নভবালৈ যেন এই সমস্যাৰ অন্ত নাই ৷ ঠিকেই, অকালতে খহি যোৱা মৌকণক লুইতে  বিয়া কৰোৱাতহে লুইতৰ পানীলগা ভাল হ'ল ৷

              বৰনদী ভটিয়ায়- ৩ মে' তাৰিখে মুক্তিপ্ৰাপ্ত এইখন অসমীয়া চিনেমাই প্ৰথম দিনটোতে দৰ্শকক মুহিছে ৷ সৰল কাহিনী, পাৰফেক্ট উপস্থাপন, কোনো জটিলতা নোহোৱাকৈ সাধাৰণভাৱে আগবঢ়া চিত্ৰ আদিয়ে সমৃদ্ধ কৰিছে বৰনদী ভটিয়ায় চিনেমা খনক ৷ আসমীয়া চিনেমাৰ ভাল দিন নাহে, অসমীয়া চিনেমাৰ ভৱিষ্যত দেখা নাই ইত্যাদি ধৰণৰ কিছু কথা- বতৰা চলি থকাৰ মাজতে অসমৰ গোটাচেৰেক পৰিচালকে নতুন ধৰণে চিনেমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ এবচাৰ্ড ড্ৰামা, এবষ্ট্ৰাক্ট উপস্থাপন আদিৰে কিছুমানে প্ৰতীকি চিনেমা নিৰ্মাণত হাত দিছে যদিও দৰ্শকক সন্তুষ্ট কৰিব পৰা নাই ৷ ৰূপক, শ্লেষ আৰু অন্তৰ্দ্বন্দ্বৰ মাজেৰে সৰল দৃশ্যায়নক গুৰুত্ব দি সফল হ'ল অনুপম কৌশিক বৰা ৷ বৰনদী ভটিয়ায়ৰ পৰিচালক, প্ৰযোজক, লিখক আৰু অভিনেতা অনুপম কৌশিক বৰাই ভাৱৰীয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাখন ৷ চিনেমাখন ইতিমধ্যেই মুম্বাইৰ মামী ইণ্টাৰনেচনেল ফেষ্টিভেল, ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল আদিত প্ৰদৰ্শিত হৈ সমাদৰো বুটলিছে ৷ বিধৱা বিবাহৰ দৰে সমাজৰ গুৰুত্বপূৰ্ণ সমস্যা এটাক হাস্যৰসৰ মাজেৰে সুন্দৰকৈ উপস্থাপন কৰাটো সহজ কথা নহয় ৷ কিন্তু অনুপম কৌশিক বৰাৰ কাৰণে তেনেই সহজ কাম যেন বোধ হ'ল ৷

              মাজুলীৰ উঠি অহা চাৰিজন ডেকা - জয়, সীমান্ত, ভাস্কৰ আৰু তপন, একপ্ৰকাৰ ৰাইজৰ মনত অধ:পতনে যোৱা ৷ তাৰমাজতে তেওঁলোকৰ নতুন প্ৰ'জেক্ট ছাগলী পালন ৷ স্নতকৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী এই চাৰিজন ডেকাৰ সমস্যাই মাজুলীৰ আৰ্থিক, সামাজিক সমস্যাকে প্ৰতিনিধিত্ব কৰা যেন লাগিল ৷ নামত মাজুলী জিলা হ'ল ঠিকেই, জয় আৰু সীমান্তৰ লেখীয়া স্নাতকোত্তৰ ডিগ্ৰীটোহে থাকিল, কাম একো নহ'ল ৷ লাইফ ইন্সিওৰেন্সৰ এজেণ্ট লুইতে ব্ৰহ্মপুত্ৰখনকে যেন প্ৰতিষ্ঠিত কৰিছে ৷ পলিচী খুলি ৰাইজে লুইতৰ ওচৰত জীৱন বন্ধকত থ'লে ৷

                মৌকণক চিনেমাখনৰ মুখ্য চৰিত্ৰ বুলিব পাৰি ৷ মৌকণ মানেই যেন মাজুলী ৷ মৌকণৰ জীৱনলৈ ডাঙৰ অফিচাৰ আহিল ৷ সমাজত ভাল স্থান নোপোৱা মৌকণে পালে নতুন পৰিচয় ৷ অফিচাৰৰ ঘৈণীয়েক হিচাপে মৌকণক ৰাইজে সমীহ কৰা হ'ল  ৷ হঠাৎ মৌকণ বিধৱা হ', আনকি গৰ্ভস্থ সন্তানো ঢুকাই থাকিল ৷ মাজুলী পুনৰ সমস্যাৰ গৰাহত ৷ মৌকণৰ মুখৰ ৰং আঁতৰিল ৷ শেষত লুইতে মৌকণক বিয়া কৰোৱাতহে পৰিস্থিতি শাম কাটিল ৷ মৌকণে পালে নতুন জীৱন ৷ মাজুলীয়ে পালে নতুন পৰিচয় ৷ গাঁও এৰি গুছি যোৱা জয়, সীমান্ত মৌকণৰ বিয়াৰ জৰিয়তেই পুনৰ্মিলন হ'ল ৷ চহৰত গান গাই ট্ৰজেডি কিংৰ খিতাপ লাভ কৰা সমীৰ সিমান্তই ঘোষণা কৰিলে - ইচ্ছা কৰিলে মৌকণে আমাক ঘুৰাই আনিব পাৰে ৷ এৰা! মাজুলীয়ে সেই চাৰি ডেকাৰ আৱেগ, প্ৰেম ৷ মাজুলীলৈ ঘুৰি নোযোৱাকৈ থাকেনে !

                 মৌকণৰ চৰিত্ৰত ডৰথী ভৰদ্বাজে সাধাৰণ ছোৱালীৰ চৰিত্ৰ  সাৱলীলভাৱে উপস্থাপন কৰিছে ৷ পশুধন বিষয়া কেনী ডি বসুমতাৰীৰ কথা সকলোৱে জানেই ৷ গাঁওৰ সৰু বৰ ঘটনাৰ পাৰফেক্ট উপস্থাপনে অন্য মাত্ৰা দিছে চিনেমা খনক ৷ গাঁওত ৰেডিঅ' শুনি আপোনপাহৰা মানুহ আছে, ফাংচনত বিহু গান লাগে বুলি কোৱা লোক দুই এজন আছে, পৰচৰ্চাত মচগুল সমাজ এখন আছে, সেই গাঁওতে বেকাৰ ল'ৰা চাৰিজন আছে, তেওঁলোকৰ কমন প্ৰেয়সী মৌকণ আছে, মৌকণক নাপালে মৰি যাম বুলি চিঞঁৰা বলিয়া সীমান্ত আছে, ইন্সিওৰেন্স কোম্পানীৰ এজেণ্টো আছে আৰু নতুনকৈ প্ৰি উৱেডিং ফটোশ্বুট আছে ৷

                   সংগীতো 'বৰনদী ভটিয়ায়'ৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ ৷ তৰালী শৰ্মাৰ সংগীতে গতি দিছে চিনেমাখনক ৷ ব্যৱহৃত গানকেইটাৰ দৃশ্যায়ন, কথা মনকৰিবলগীয়া ৷

                 পুনৰ এবাৰ চিনেমা হলৰ পৰা ওলাই আহি থলুৱা সন্তুষ্টি এটা লৈ আপুনি বৈ যাব পাৰে 'বৰনদী ভটিয়ায়' চাই ৷